NORTHEAST NOW (Assamese)

২৫ অক্টোবৰত টুক্ৰেশ্বৰী মন্দিৰত ‘শৰতৰ জোনাকত এখন্তেক’ শীৰ্ষক অনুষ্ঠান 

October 23, 2018 4:06 pm · নীলমণি শৰ্মা
Updated: October 23, 2018 4:21 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰেছ ক্লাৱৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো অহা ২৫ অক্টোবৰত অনুষ্ঠিত হ’ব “শৰতৰ জোনাকত এখন্তেক” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান ৷ ঐতিহাসিক শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয় প্ৰাংগণত ২৫ অক্টোবৰৰ সন্ধিয়াৰ পৰা অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত ৬ বজাত বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট কন্ঠশিল্পী ৰহিমা বেগম কলিতাই৷

৬:৩০ বজাত অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাইৰ অধ্যক্ষ ড° মন্টু কুমাৰ দাসে৷ অনুষ্ঠানটো সঞ্চালনা কৰিব প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হকে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বাংগালুৰুৰ বিশিষ্ট কবি চিকিৎসক ডা° ৰবি শিশিৰ চেতাৰ্জী আৰু বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক তথা কবি গোবিন্দ মালাকাৰ আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব জেষ্ঠ সাংবাদিক মনোজ অগস্তি আৰু কবি বিপুল শৰ্মা৷

Related News