সংকটৰ গৰাহত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন সভ্যতা : ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰই

ভয়াৱহ ৰূপ লৈছে অসমীয়া জাতিৰ আয়ুসৰেখা মহাবাহু ব্ৰহ্মপুত্ৰই। ফেনেফুটুকাৰে বাঢ়ি, মথাউৰি ভাঙি বা বানৰ কবলত উপত্যকাটোৰ জীৱনধাৰণ ব্যাহত কৰি নহয়, এইবাৰ খৰাঙৰ ফলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বৰলুইতে।

অত্যাধিক প্ৰদূষণ আৰু বনধ্বংসৰ ফলত হোৱা বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে অস্বাভাৱিক ধৰণে শুকাই আহিছে বুঢ়ালুইত। চিন্তনীয়ভাবে তললৈ নামি গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ফলত শদিয়াৰ পৰা ধুবুৰীলৈকে বালিৰে মৰুভূমি সদৃশ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বক্ষ।

বতৰ বিজ্ঞান বিভাগৰ মতে ৰাজ্যত বিগত ডেৰ মাহত ৭৫ শতাংশ বৰষুণ হ্ৰাস পাইছে। বিশেষকৈ বাক্সা , হাইলাকান্দি, বৰপেটা, নলবাৰী, মৰিগাঁও আদি জিলাত ৯৭ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ।

সচকিত কৰি দিব পৰা তথ্যটো হ’ল যে বেংগালুৰুৰ ইণ্ডিয়ান ইন্সষ্টিটিউড অৱ চায়েন্স, মাণ্ডি আৰু গুৱাহাটী আই আই টিৰ এটি বিশেষজ্ঞৰ দলে কোৱা মতে জলবায়ুৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ সংকটত থকা তথা সংবেদনশীল ৰাজ্যখনেই হৈছে অসম। ইয়াৰ লগতে ৱৰ্ল্ড মেট্ৰ’ল’জিকেল অৰ্গেনাইজেশ্যনে প্ৰকাশ কৰা ‘প্ৰভিজনেল ষ্টেট অৱ দ্য গ্ল’বেল ক্লাইমেক্স ইন – ২০২২’ শীৰ্ষক প্ৰতিবেদন খনতো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ুৰ ভয়াৱহ ভৱিষ্যতৰ কথা উল্লেখ কৰিছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ অস্বাভাৱিকভাবে পানীৰ স্তৰ নিম্নগামী হোৱা ঘটনাই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, পবা বৰ্ষাৰণ্য আৰু অৰুণাচল স্থিত ইংৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। আনহাতে চীনদেশে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা বান্ধ, পাহাৰীয়া অঞ্চলত অবাধে হোৱা বন ধ্বংসৰ যজ্ঞ আদি কাৰকে ব্ৰহ্মপুত্ৰক ক্ৰমে মৃত্যুৰ ফালে ঠেলি দিয়াৰ লগতে মৃত্যু ঘন্টা বজাইছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাৰ।

আনহাতে হিমাচল পৰিৱেশ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদে চলোৱা এক সমীক্ষা মতে হিমালয় পৰ্বতৰ হিমবাহ গলাৰ ফলত অনাগত বাৰিষাত ভয়াৱহ ভাবে বৃদ্ধি পাব ব্ৰহ্মপুত্ৰৰ জলস্তৰ। একেটা অধ্যয়নতে কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত অসমৰ তাপমাত্ৰা ১.৭১ ৰ পৰা ২.২ ডিগ্ৰী বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। একেদৰে বাৰিষা বৰষুণৰ পৰিমাণ ৩৮ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে খৰালি বৰষুণৰ পৰিমাণ অস্বাভাৱিকভাবে হ্ৰাস পোৱাৰ কথা উল্লেখ কৰিছে এই অধ্যয়নে। গতিকে এই সময়ত যুদ্ধৰ গতিত জলবায়ু সন্তোলনৰ বাবে কাম আৰম্ভ নকৰিলে অনাগত সময়ত যে অসমীয়া জাতিৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰ নদীৰ গতি বিধি চিৰদিনৰ বাবে অস্বাভাৱিক হৈ পৰাৰ লগতে অসমীয়া সভ্যতাৰ অৱস্থা নাজল নাথল হ’ব সেয়া চিৰন্তন।