NORTHEAST NOW (Assamese)

প্ৰথমে পত্নীক হত্যা, তাৰ পিছতে মৃতদেহত ফুলৰ মালা পিন্ধাই আত্মসমৰ্প স্বামীৰ

November 19, 2022 9:44 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 19, 2022 10:57 pm

দিল্লীৰ নৃশংস শ্ৰদ্ধা হত্যাকাণ্ডই সমগ্ৰ দেশ জুৰি সৃষ্টি কৰা আলোড়নৰ ঢৌ এতিয়াও মাৰ যোৱা নাই। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তীব্ৰতা ওৰ নপৰোঁতেই পুনৰ আন এক নৃশংস হত্যাকাণ্ডই সংবাদ শিৰোনাম দখল কৰিছে।

এইবাৰ এই হত্যাকাণ্ড সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত। ৰাজ্যখনৰ তেনালিত এগৰাকী ৩৮ বৰ্ষীয় মহিলাক ছুৰীৰে হত্যা কৰি, মৃত শৰীৰত ফুলৰ মালা পিন্ধাই পিছত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে মহিলাগৰাকীৰ স্বামীয়ে।

হত্যাৰ বলি হোৱা স্বাতী নামৰ মহিলাগৰাকী পেছাত ল’ৰী চালক ককৰলা ভেংকটা কোতায়া ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকে তেনালিৰ গান্ধীনগৰত বাস কৰিছিল।

স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কোটায়াই স্বাতীক আন এগৰাকী পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ সন্দেহ কৰিছিল আৰু সঘনাই হাৰাশাস্তি কৰিছিল।

বৃহস্পতিবাৰে কোটায়াই মদ্যপান কৰি পত্নীয়ে কাম কৰা বিউটি পাৰ্লাৰখনলৈ গৈ তেওঁৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু হাতত লৈ যোৱা ছুৰীৰে স্বাতীৰ ডিঙি, হাত আৰু পিঠিত বৰ্বৰভাৱে আঘাত কৰে।

এই ভয়াৱহ আক্ৰমণত থিতাতে নিহত হয় স্বাতী। তাৰ পিছতে তেওঁ লগতে লৈ যোৱা ফুলৰ মালা পত্নীৰ মৃতদেহৰ ডিঙিত লগাই তেনালি গ্ৰাম্য আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক অপৰাধমূলক গোচৰ ৰুজু কৰিছে আৰু হত্যাকাৰী কোটায়াক জিম্মাত লৈছে।

Related News