অন্ধ্ৰ প্ৰদেশ চৰকাৰে বৃদ্ধি কৰিছে কৰ্মচাৰীৰ দৈনিক কৰ্মৰ সময়। এতিয়া ন ঘণ্টা নহয়, কৰ্মচাৰিয়ে দিনটোত ১০ ঘন্টাকৈ কাম কৰিব লাগিব। সময়ৰ কামৰ সৰ্বোচ্চ সীমা বৃদ্ধি কৰাৰ লগতে মহিলাৰ কামৰ নিয়মো সলনি কৰিছে। অন্ধ্ৰ চৰকাৰৰ মতে এই নতুন নিয়মৰ বাবেই বিনিয়োগকাৰীসকল অধিক সক্ৰিয় হৈ উঠিব। যদি বিনিয়োগ বৃদ্ধি পায়, তেন্তে কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব। অন্ধ্ৰ প্ৰদেশৰ টিডিপি নেতৃত্বাধীন এনডিএ চৰকাৰে কৰ্মৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে।
সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী কে পাৰ্থসাৰথিয়ে কয় যে ৰাজ্যখনৰ শ্ৰম আইন সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অন্ধ্ৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, ৫৪ নং ধাৰাত ৯ ঘণ্টীয়া কৰ্তব্য ১০ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে। ৫৫ নং ধাৰা অনুসৰি কৰ্মচাৰীসকলক পাঁচ ঘণ্টা কাম কৰাৰ পিছত এঘণ্টা জিৰণি ল’বলৈ দিয়া হৈছিল। সেই সময়সীমাও ছয় ঘন্টালৈ বৃদ্ধি কৰা হৈছে। শ্ৰম আইন অনুসৰি অন্ধ্ৰ প্ৰদেশৰ কৰ্মচাৰীয়ে অতিৰিক্ত কৰ্মৰ সময়সীমা ৭৫ ঘন্টাৰ পৰা ১৪৪ ঘন্টালৈ বৃদ্ধি কৰিছে।
মন্ত্ৰীগৰাকীয়ে কয়, শ্ৰম আইনৰ এই পৰিৱৰ্তনে আমাৰ ৰাজ্যৰ কাৰখানাসমূহত বিনিয়োগ বৃদ্ধি কৰিব। অধিক বিনিয়োগকাৰী আহিব। এই নতুন নিয়মে সঁচাকৈয়ে শ্ৰমিকসকলক উপকৃত কৰিব। অন্ধ্ৰত সমগ্ৰ বিশ্বতে প্ৰচলিত নিয়মসমূহ কাৰ্যকৰী কৰিবলৈ আইনখন সংশোধন কৰাটো প্ৰয়োজনীয়।
উল্লেখ্য যে অন্ধ্ৰ চৰকাৰে মহিলাৰ কামৰ নিয়মো সলনি কৰিছে। ৰাজ্যখনৰ নৈশ কৰ্তব্যৰ ক্ষেত্ৰত থকা বহু নিষেধাজ্ঞা শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা মহিলাসকলেও ৰাতি কাম কৰাৰ সুযোগ পাব। চৰকাৰে তেওঁলোকৰ প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থাও কৰিব বুলি উল্লেখ কৰিছে। এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, অতিৰিক্ত কাম কৰিলে আয়ো বৃদ্ধি পায়। এই নিয়মৰ বাবে মহিলাৰ আয়ো বৃদ্ধি পাব। চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰি অন্ধ্ৰপ্ৰদেশ চিপিআইৰ ৰাজ্যিক সম্পাদক কে ৰামকৃষ্ণই কয় যে এই নতুন নিয়ম কৰ্মচাৰীৰ স্বাৰ্থৰ বিৰুদ্ধে। তেওঁৰ ভাষাত, বিগতে ১১ বছৰে মোদী চৰকাৰে বাৰে বাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে যিবোৰ শ্ৰমিকৰ স্বাৰ্থৰ বিৰোধী।