উত্তেজিত জনতাৰ ক্ষোভ, ৰাজপথতে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক

ভূক্তভোগী পৰিয়ালটোৰ আলোকচিত্ৰ

গোৱালপাৰাত সংঘটিত হোৱা এটা শোকাৱহ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।ঘটনাৰ বিৱৰণী মতে শুকুৰবাৰে গোৱালপাৰা চহৰৰ সদা ব্যস্ত ঈদগাহ ময়দানৰ ওচৰত এখন বালি কঢ়িওৱা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী কণমাণি শিশুক মহটিয়াই লৈ যায়।

মৃত্যুহোৱা শিশুটো হাফেজ আলি বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোৰ ফলত শিশুটোৰ শৰীৰৰ ওপৰৰ অংশ কঁকালৰ নিম্ন অংশৰ পৰা সম্পুৰ্ণৰূপে বিছিন্ন হৈ পৰে।

হঠাৎ হোৱা দুৰ্ঘটনাটোত হতভম্ভ হৈ পৰা শিশুটোৰ অভিভাৱকে তেজেৰে লুতুৰি-পুতুৰিহৈ পথৰ দাতিত পৰি থকা দুৰ্ভগীয়া শিশুটোৰ নিথৰ দেহটোৰ ওচৰত কান্দি কান্দি শোকত ম্ৰিয়মান হৈ পৰে।

ঘটনাস্থলীত সমবেত জনতাই ট্ৰাক চালক আৰু সহযোগীজনক ধৰিবলৈ চেষ্টা কৰে যদিও দুয়োজনে পলাই সাৰিবলৈ সক্ষম হয়। চালকজনক কৰায়ত্ত কৰাত ব্যৰ্থ হোৱা উত্তেজিত ৰাইজে ক্ষোভত ফাটি পৰি ৰাজপথতে দুৰ্ঘটনা সংঘটিত কৰা এ এছ ১৮-১৬৫৩ নম্বৰৰ ট্ৰাকখন জ্বলাই দিয়ে।

 

উত্তেজিত ৰাইজে জ্বলাই দিয়া ট্ৰাকখনৰ ফটো

 

আনহাতে, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰে। কিন্তু তেতিয়ালৈ ট্ৰাকখন প্ৰায় ভস্মীভূত হৈছিল।

উল্লেখযোগ্য যে, গোৱালপাৰা চহৰত বালি কঢ়িওৱা ট্ৰাকে পদচাৰীৰ প্ৰাণ লোৱা ঘটনা  প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা নাই। সময়ে সময়ে ট্ৰাক চালকৰ দৌৰাত্ম্যৰ বাবে পদচাৰীৰ দুৰ্ঘটনাত মৃত্যু হৈ আহিছে।