NORTHEAST NOW (Assamese)

অনুৰাগীৰ স্পৰ্শত বিৰক্ত ৰাণু মণ্ডলৰ প্ৰশ্ন, “হোৱাট ইছ দিজ?’

November 4, 2019 2:49 pm · এন ই নাও নিউজ
ৰাণু মণ্ডল। ফাইল ফটো

দৰিদ্ৰ অৱস্থাৰ পৰা নিশাৰ ভিতৰতে চেলিব্ৰেটি হৈ পৰা ৰাণু মণ্ডল এইবাৰ অনুৰাগীৰ প্ৰতি হৈ পৰিল ক্ষুন্ন। এগৰাকী অনুৰাগীৰ হাতৰ স্পৰ্শত জাঙুৰ খাই উঠিল গায়িকা গৰাকী।

ৰাণু মণ্ডলৰ সেই উত্তেজিত হৈ পৰা মুহূৰ্তৰ ভিডিঅ’টো ততালিকে ভাইৰেল হৈ পৰে। তাৰ লগে লগে আৰম্ভ হয় সমালোচনা।

সংগীত জগতৰ শেহতীয়া চাঞ্চল্য ৰাণু মণ্ডলৰ এই ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা অনুষ্ঠানত উপস্থিত হৈছিল ৰাণু মণ্ডল। লগত আছিল বহুকেইজন লোক।

অনুষ্ঠানৰ হুলস্থুলৰ মাজতে এগৰাকী কম বয়সীয়া মহিলাই ৰাণুৰ কাষলৈ আহি তেওঁৰ হাতত সামান্য স্পৰ্শ কৰি মাত দিয়ে।

হয়তো ৰাণুক তেওঁৰ ভাল লগাৰ কথা ক’বলৈকে তেওঁ এনেদৰে আগবাঢ়ি গৈছিল। হাতত মোবাইলো আছিল। হয়তো গায়িকাগৰাকীৰ সৈতে ছেল্ফি লোৱাৰ হাবিয়াস আছিল। সেয়েহে, ভিৰ ঠেলি গায়িকা গৰাকীক মাত দিছিল মহিলাগৰাকীয়ে।

কিন্তু এয়া কি? জাঙুৰ খাই উঠিল ৰাণু। অনুৰাগীৰ কথা শুনিবলৈ অস্বীকাৰ কৰি হাতত স্পৰ্শ কৰাৰ লগে লগেই ক্ষুব্ধ হৈ পৰিল গায়িকা।

https://www.facebook.com/kaalachanofficial/videos/473631589914153/

ভিডিঅ’টোত দেখা গৈছে যে ঘুৰি লৈ ৰাণুৱে ওলোটাই হাত জোকাৰি কিবা কৈ গৈছে। মন দি শুনি গম পোৱা গ’ল ৰাণু মণ্ডলে মহিলাগৰাকীক প্ৰশ্ন কৰিছে,”হোৱাট ইছ দিজ?’

লগে লগে তেওঁৰ কাষত থকা এজনে কৈ উঠে,”গাত হাত দি মাতিছে কিয়? এইবোৰ ঠিক নহয়।‘

ৰাণুৱেও উচ্চ স্বৰে ক’লে,”এইবোৰ কি? এইবোৰৰ মানে কি?’

অনুৰাগী মহিলাগৰাকীয়ে ৰাণুৰ এই আচৰণত অপ্ৰস্তুত হৈ পৰে। অৱশ্যে হাঁহি মাৰিয়েই তেওঁ পৰিস্থিতিটো চম্ভালি লয়।

কিন্তু চেলিব্ৰেটি ৰাণু মণ্ডলৰ এনে আচৰণ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে।

বহুতেই কৈছে অনুৰাগীয়ে ৰানাঘাট ষ্টেশ্যনৰ পৰা তুলি আনি চেলিব্ৰেটি বনোৱাসকলৰ সৈতে এনে আচৰণ কৰিছে গায়িকাগৰাকীয়ে।

কিছুমানে অৱশ্যে ৰাণুক সমৰ্থনো কৰিছে। তেওঁলোকৰ মতে ভিৰৰ মাজত এনেদৰে হাতত ধৰি মতাটো উচিত নহয়।

Related News