নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত পুনৰ ৰাজপথত নামিল সদৌ অসম ছাত্ৰ সন্থা। সমগ্ৰ ৰাজ্যৰ লগতে আজি আছুৰ শিৱসাগৰ জিলা সমিতিয়েও শিৱসাগৰত এক প্ৰতিবাদী কৰ্যসূচী ৰূপায়ণ কৰে।
কেইবাশতাধিক আছু কৰ্মীয়ে নগৰৰ ব’ৰ্ডিং খেলপথাৰৰ পৰা এক বৃহৎ সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। ‘বিজেপি গ’বেক, ধৰ্মৰ নামত ৰাজনীতি বন্ধ কৰক, ৰাজ্য চৰকাৰ হায় হায়, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়’ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সমীৰণ ফুকনে কয় জাতিধ্বংশী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অসমত প্ৰৱৰ্ত্তন কৰিবলৈ বিজেপি চৰকাৰে যি দাদাগিগিৰি কৰিছে সেই সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৰ জোনাইৰ সাধাৰণ সভাত লোৱা সিদ্ধান্তমৰ্মে আজি শিৱসাগৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
বিজেপি নেতৃত্বধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দি তেওঁ কয় যে এই বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব আৰু এই বিধেয়ক বাতিল নকৰিলে সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।