NORTHEAST NOW (Assamese)

সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব অনিল আম্বানীয়ে : নিৰ্দেশ আদালতৰ 

March 7, 2024 9:11 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব অনিল আম্বানীয়ে। আদালতে দিলে স্পষ্ট নিৰ্দেশ । 

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ কনিষ্ঠ ভাতৃ অনিল আম্বানী । বৰ্তমান মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৯,৭৫,৮১৯ কোটিতকৈও অধিক।  বিভিন্ন দেশৰ ব্যৱসায়িক বজাৰত আধিপত্য বিস্তাৰ কৰিছে মুকেশ আম্বানীয়ে। 

আনহাতে অনিল আম্বানীৰ অৱস্থা তেনেই শোচনীয় আজিৰ তাৰিখত। অৱশ্যে অনিল আম্বানীও এসময়ত বিশ্বৰ ষষ্ঠ ধনী ব্যক্তি আছিল। তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১.৮৩ লাখ কোটি টকাতকৈও অধিক। 

কেইবছৰমান আগতে অনিল আম্বানীয়ে নিজকে দেউলীয়া বুলি ঘোষণা কৰিছিল। সদায় লাইমলাইটত থকা মানুহজনক আজিকালি ৰাজহুৱা স্থানত খুব কমেইহে দেখা যায়। অৱশ্যে অনিল আকৌ এবাৰ শিৰোনামলৈ আহিছে।

অনিল আম্বানীৰ মালিকানাধীন ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰে তেওঁলোকক সম্পত্তি বিক্ৰী কৰিব নোৱাৰে বুলি দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰৰ মুঠ সম্পত্তি ১১০০ কোটি টকাতকৈও অধিক। 

অনিল আম্বানীয়ে কোনো ধৰণে এই সম্পত্তি বিক্ৰী কৰিব নোৱাৰিব। সেই সম্পত্তি আন ক’তো হস্তান্তৰ কৰিব নোৱাৰিব। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে চীনৰ কোম্পানী ‘শ্বাংহাই ইলেক্ট্ৰিক গ্ৰুপ’ৰ সৈতে ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিবাদৰ বাবে এই ১১০০ কোটি টকাৰ সম্পত্তি নিৰাপত্তাৰ ধন হিচাপে জমা ৰাখিব লাগে। 

ইয়াৰ পূৰ্বে চাংহাই ইলেক্ট্ৰিকে দিল্লী উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশৰ বিচাৰপীঠৰ কাষ চাপিছিল আৰু অন্তৱৰ্তীকালীন সকাহ হিচাপে এই সুৰক্ষা ধন বিচাৰিছিল। 

২০২২ চনত একক ন্যায়াধীশৰ বিচাৰপীঠে এই আবেদন নাকচ কৰিছিল। এই ৰায়ক ডিভিজন বেঞ্চত প্ৰত্যাহ্বান জনাইছিল চাংহাই ইলেক্ট্ৰিকে। সেই আবেদনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে।

উল্লেখ্য যে ‘ছাছান পাৱাৰ প্ৰজেক্ট’ক লৈ চাংহাই ইলেক্ট্ৰিকৰ সৈতে আইনী বিবাদত লিপ্ত হৈছে অনিল আম্বানীৰ ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ। চলিত বৰ্ষৰ আৰম্ভণিতে ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক আদালতে ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰক চাংহাই ইলেক্ট্ৰিক গ্ৰুপক প্ৰায় ১.৪৬ বিলিয়ন ডলাৰ বাবদ আৰু ক্ষতিপূৰণ হিচাপে দিবলৈ নিৰ্দেশ দিছিল।

Related News