অহা ২৯ মাৰ্চত মুক্তিৰ বাবে সাজু মহাপুৰুষ মাধৱদেৱকলৈ নিৰ্মিত এনিমেশ্যন চলচ্চিত্ৰ

madhavdev-animation-750x375

ফটো : চলচ্চিত্ৰখনৰ ৱেবছাইটৰ সৌজন্যত

২০১৬ চনত মুক্তি পোৱা প্ৰথমখন অসমীয়া এনিমেশ্যন চলচ্চিত্ৰ ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’ৰ বৃহৎ সফলতাৰ পাছত এইবাৰ মুক্তিৰ বাবে সাজু হৈ উঠিছে পৰৱৰ্তী এনিমেশ্যন চলচ্চিত্ৰ ‘মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ’।

শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য তথা অতি পূজনীয় বৈষ্ণৱ গুৰুগৰাকীৰ জীৱন আৰু তেওঁৰ বৰঙণি ওপৰত নিৰ্মাণ কৰা ছবিখন অহা ২৯ মাৰ্চত মুক্তিৰ বাবে সাজু হৈ উঠিছে।

সৰ্বজন সমাদৃত ‘নামঘোষা’ৰ স্ৰষ্টা বৈষ্ণৱ গুৰু গৰাকীৰ জীৱন এই এনিমেশ্যন চলচ্চিত্ৰখনত সুন্দৰভাৱে চিত্ৰায়িত কৰা হৈছে। ইয়াৰ সংগীত তথা ৱেবছাইট অলপতে গুৱাহাটীত মুকলি কৰা হয়।

চলচ্চিত্ৰখনৰ পৰিকল্পনা তথা পৰিচালনা কৰিছে সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সেৱক তথা সংৰক্ষক প্ৰয়াত ডালিম পাঠকে আৰু ৰমনী চিত্ৰম মেম’ৰিয়েল ট্ৰাষ্টৰ বেনাৰৰ অধীনত প্ৰযোজনা কৰিছে ডালিম পাঠকৰ দুই পুত্ৰ বিশ্বজ্যোতি পাঠক আৰু গৌৰৱজ্যোতি পাঠকে।

চলচ্চিত্ৰখনৰ শ্ৰব্য এলবামটো অলপতে গুৱাহাটীত এক অনুষ্ঠানত বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে মুকলি কৰে। ইয়াত কেইবাটাও বৰগীত, ঘোষা আৰু পদ সন্নিৱিষ্ট কৰা হৈছে।

‘মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ’ৰ সংগীত ৰচনা কৰিছে বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজা, বিশিষ্ট কণ্ঠশিল্পী তথা সত্ৰীয়া সাধক হেমেন্দ্ৰ কুমাৰ দাস আৰু বিশিষ্ট ধ্ৰুপদী কণ্ঠশিল্পী জিতেন বসুমতাৰীয়ে।

উল্লেখযোগ্যভাৱে, বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা আৰু সত্ৰখনৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকে চলচ্চিত্ৰখনত প্ৰথমবাৰৰ বাবে নেপথ্যত কণ্ঠদান কৰিছে।

আনহাতে, বৰগীত, ঘোষা আৰু পদসমূহত কণ্ঠদান কৰা কণ্ঠশিল্পীসকল হৈছে ক্ৰমে গুনীন্দ্ৰ ওজা, হেমেন্দ্ৰ কুমাৰ দাস, জিতেন বসুমতাৰী, মধুস্মিতা ভট্টাচাৰ্য, ক্ৰান্তিকা শাণ্ডিল্য, জোনালী ওজা বসুমতাৰী, ৰবীন্দ্ৰ নাথ দাস আৰু দীনেশ দাস।

তদুপৰি, সহযোগী কণ্ঠশিল্পী হিচাপে আছে ধনঞ্জয় ওজা, নন্দিতা দাস আৰু নৱজিৎ দাস। সংগীত সংযোজক হিচাপে আছে মানৱজ্যোতি দাস।

চলচ্চিত্ৰখনৰ সংলাপ আৰু গৱেষণা প্ৰভাত চন্দ্ৰ দাসৰ। চিত্ৰনাট্য লিখিছে ডালিম পাঠক, ড০ গৌতম কুমাৰ দাস আৰু অৱনী ৰঞ্জন পাঠকে। ড০ গৌতম কুমাৰ দাসে লগতে সম্পাদনা আৰু ছবিখনৰ এনিমেশ্যন পৰিচালক হিচাপেও আছে।

চলচ্চিত্রখনৰ বিভিন্ন চৰিত্ৰত কণ্ঠ দিছে ৰঞ্জন বেজবৰুৱা(মাধৱদেৱ), নিপন গোস্বামী, দীনেশ দাস, চৈয়দ চাদুল্লা, সুৰজিৎ মালাকৰ, আৰতি কলিতা, অনামিকা বৰদলৈ, জয়ন্ত ভাগৱতী, অবনী বৰা, নয়ন প্ৰসাদ, নিকুমনি বৰুৱা, অসীম কৃষ্ণ বৰুৱা আদিয়ে।