মৌনতাৰ অন্ত! সুশান্ত সিং ৰাজপুত সম্পৰ্কে মুখ খুলিলে প্ৰাক্তন প্ৰেয়সী অংকিতাই

অৱশেষত মুখ খুলিলে অভিনেত্ৰী অংকিতা লখাণ্ডে।

যোৱা বছৰ জুনত আত্মহত্যাৰ পথ বাচি লোৱা বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেয়সীগৰাকীয়ে তেওঁলোকৰ মাজৰ সম্পৰ্কৰ বিচ্ছেদৰ বিষয়ে জনাইছে।

দুয়োৱে জনপ্ৰিয় টিভি চিৰিয়েল ‘পৱিত্ৰ ৰিস্তা’ত একেলগে কাম কৰিছিল।

৬বছৰ ধৰি চলা তেওঁলোকৰ মাজৰ প্ৰেমৰ সম্পৰ্ক শেষ হয় ২০১৬ চনত।

এটা সাক্ষাৎকাৰত অংকিতাই কয় যে তেওঁ ইমানদিনে মৌন হৈ থকা কাৰণ আছিল যে তেওঁলোকৰ সম্পৰ্কক লৈ কোনেও যাতে ‘তামাছা’ কৰিব নোৱাৰে।

সুশান্তক লৈ তেওঁৰ কোনো অভিযোগ নাই কিন্তু বিচ্ছেদৰ বাবে তেওঁক ট্ৰল কৰাক লৈ তেওঁ ইস্ততঃবোধ কৰিছে, অভিনেত্ৰীগৰাকীয়ে কয়।

‘বলিডউ বাবল’ নামৰ বলিউডৰ এটা সংবাদগোষ্ঠীক দিয়া সাক্ষাৎকাৰটোত অভিনেত্ৰীগৰাকীয়ে কয় যে সুশান্তক এৰি অহা বুলি মানুহে আজি তেওঁক দোষাৰোপ কৰিছে।

কিন্তু তেওঁৰ কথা কোনেও নাজানে বুলি অভিনেত্ৰীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰিছে।

তেওঁ কয় যে সুশান্ত আৰু তেওঁ খুব স্পষ্টভাৱে তেওঁলোকৰ মাজত বিচ্ছেদ হৈছিল।

”তেওঁ নিজৰ কেৰিয়াৰৰ বাটেৰে যাব খুজিছিল। তেওঁ তেওঁৰ কেৰিয়াৰ বাচি ল’লে আৰু আগুৱাই গ’ল।”- অভিনেত্ৰীগৰাকীয়ে কয়।

বিচ্ছেদৰ পাছত প্ৰায় আঢ়ৈ বছৰ ধৰি তেওঁ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছিল বুলি তেওঁ কয়।

”মোৰ বাবে, এয়া বিৰাট কঠিন আছিল কিন্তু মোৰ পৰিয়াল মোৰ স’তে থিয় হৈছিল। মোৰ জীৱন শেষ হৈ গৈছিল। মই শেষ হৈ গৈছিলো।”- তেওঁ কয়- ”মই নাজানিছিলো তাৰ পাছত কি কৰিব লাগে। মই কাকো দোষাৰোপ কৰিব বিচৰা নাই। তেওঁ নিজৰ বাট বিচাৰি ল’লে।

কিন্তু শেষত তেওঁ শক্তিশালীভাৱে নিজকে প্ৰস্তুত কৰিব পৰা বুলি অভিনেত্ৰীগৰাকীয়ে কয়।

বিচ্ছেদৰ পাছত তেওঁ বিচনাৰ পৰা নামি আহিবলৈ অথবা কাৰো স’তে কথা পাতিবলৈ মন কৰা নাছিল বুলিও তেওঁ কয়।

”হয়তো মই মোক শেষ কৰিব বিচাৰিছিলো।” তেওঁ কয়- ”কিন্তু শেষত মই ইয়াৰ পৰা উলাই আহিলো।”

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ১৪ জুনত মৃত্যুবৰণ কৰা সুশান্তলৈ তেওঁৰ প্ৰাক্তন প্ৰেয়সী অংকিতাই সামাজিক মাধ্যমযোগে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছিল।