চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ধাৰাবাহিক আন্দোলনৰ ঘোষণা নাৰ্ছ সন্থাৰ

ANM

এ এন এম আৰু এল এইচ এছৰ প্ৰতিবাদ। ফাইল ফটো

ৰাজ্যখনৰ স্বাস্থ্যকেন্দ্ৰসমূহত কৰ্মৰত ১২,০০০ এ এন এম আৰু এল এইচ এছ কৰ্মচাৰীৰ বিভিন্ন দাবী চৰকাৰে পূৰণ নকৰাৰ অভিযোগ তুলি সদৌ অসম এ এন এম আৰু এল এইচ এছ চাৰ্ভিছ সন্থাই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

সন্থাৰ ঘোষিত কাৰ্যসূচী অনুসৰি নৱেম্বৰ মাহত কৰ্মচাৰীসকলে কলা বেজ পৰিধান কৰিব আৰু ডিচেম্বৰ মাহত কৰ্তৱ্যত উপস্থিত থাকিব যদিও কৰ্ম খতিয়ান দাঙি ধৰাৰ পৰা বিৰত থাকিব। সেইদৰে ১৩ ডিচেম্বৰত সন্থাই দিচপুৰ লাষ্টগেটত দিনজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰিব।

দেওবাৰে দিচপুৰ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত ঘোষণা কৰা অনুসৰি উক্ত আন্দোলনৰ কাৰ্যসূচীৰ পিছতো যদি চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেন্তে পৰ্যায়ক্ৰমে কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিব।

সন্থাৰ সাধাৰণ সম্পাদিকা বুলুমা শইকীয়াই সংবাদেমেলত কয় যে এ এন এমসকলৰ চাকৰি বিধি নাই আৰু ইয়াৰ বাবে দাবী জনাই অহাৰ পিছতো চৰকাৰে গুৰুত্ব দিয়া নাই। তদুপৰি, ৰাজ্যখনত খালী হে থকা ৫০০ এ এন এমৰ পদ খালী হৈ আছে যদিও চৰকাৰে নিযুক্তি দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই পদসমূহত শীঘ্ৰে নিযুক্তি দিয়াৰ লগতে চাকৰি বিধি বলবৎ কৰাৰ বাবে তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়।

তেওঁ লগতে এন এইচ এম আৰু চৰকাৰী আঁচনি কাম কৰাসকলক চাকৰিত অগ্ৰাধিকাৰ দিয়াৰ দাবী জনোৱাৰ লগতে এ এন এম আৰু এল এইচ এছ সকলৰ পদোন্নতিৰ ব্যৱস্থা গ্ৰহণ কৰি জ্যেষ্ঠতাৰ তালিকা প্ৰকাশ কৰাৰো দাবী জনায়।

সাধাৰণ সম্পাদিকাগৰাকীয়ে লগতে সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ দূৰ কৰি ষষ্ঠ দৰমহা আয়োগে প্ৰদান কৰা ফিক্সড পে’ প্ৰদানৰ দাবী কৰে। আনহাতে, গোৱালপাৰাৰ ২০২ গৰাকী আৰু বৰপেটাৰ ৩৩৯ গৰাকী এ এন এমৰ কেইবামাহৰ দৰমহা ১৯৯৮ চনতে শীৰ্ষ বিষয়াই আত্মাস্যাৎ কৰাৰ পাছত বৰ্তমানেও উক্ত দৰমহা মুকলি কৰি নিদিয়াৰ বাবে শইকীয়াই আক্ষেপ প্ৰকাশ কৰে। তেওঁ উক্ত দৰমহা শীঘ্ৰে আদায় দিয়াৰো দাবী জনায়।

সন্থাৰ সাধাৰণ সম্পাদিকা গৰাকীয়ে লগতে তেওঁলোকে কাম কৰোতে সন্মুখীন হোৱা সমস্যা আৰু তেওঁলোকে পালন কৰি অহা দায়বদ্ধতাৰ বিষয়েও সদৰী কৰে।