• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এন ফ্ৰাংকৰ ডায়েৰী, অসমীয়া অনুবাদ আৰু তাৎপৰ্য

শিৱজিত দত্ত by শিৱজিত দত্ত
June 5, 2019 4:55 pm
প্ৰতিনিধিত্বমূলক ছবি। ইণ্টাৰনেটৰ পৰা সংগৃহীত

প্ৰতিনিধিত্বমূলক ছবি। ইণ্টাৰনেটৰ পৰা সংগৃহীত

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একাধিকবাৰ নিৰ্বাচন জিকি হিটলাৰ তেতিয়া জাৰ্মানীৰ মহানায়ক। অধিকাংশ জাৰ্মানে ভাবে যে ‘মহাপুৰুষ’ হিটলাৰৰ নেতৃত্বত জাৰ্মান জাতিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হ’ব; জাৰ্মানী হ’ব বিশ্বৰে সৰ্বশক্তিমান ৰাষ্ট্ৰ। ইতিহাসবিদ গুন্থাৰৰ ইতিহাস-চিন্তাৰ প্ৰভাৱত হিটলাৰে ভাবিছিল যে বিশুদ্ধ আৰ্য-ৰক্তী জাৰ্মান জাতিৰ সকলো অশুদ্ধি আৰু দুৰ্বলতাৰ কাৰণ হৈছে স্বভাৱতঃ অশুদ্ধ ইহুদী জাতিৰ উপস্থিতি। সেয়ে ইহুদীৰ দমন-পীড়ণ-নিধনৰ যোগেদি আৰ্য জাৰ্মানৰ হৃত শক্তি উদ্ধাৰৰ অন্ধ মতাদৰ্শৰে প্ৰেৰিত হৈ তেওঁ ষাঠি লাখ ইহুদীক গেছ-চেম্বাৰত বধ কৰিছিল, বহু লাখ ইহুদীক ঘূণীয়া কৰিছিল, অসংখ্য ইহুদী পৰিয়াললৈ নমাই আনিছিল আন্ধাৰ বিভীষিকা।

তেৰ বছৰীয়া এজনী পখিলা-চপল ইহুদী কিশোৰী। নাম তাইৰ এন ফ্ৰাংক। তেৰ বছৰীয়া জন্মদিনত উপহাৰ পালে এখন ডায়েৰী। ১৯৩৩ চনতেই হিটলাৰৰ নাজী বাহিনীৰ ভয়ত তাইৰ বাপেক অটো ফ্ৰাংক সপৰিয়ালে হলেণ্ডলৈ গুছি আহিছিল। দ্বিতীয় মহাসমৰৰ সময়। নাজীয়ে হলেণ্ড দখল কৰিলে। “দেশভক্ত” নাজীবাহিনীৰ হাতত প্ৰাণ যোৱাৰ ভয়ত এনৰ বাপেকে দুজনমান সহমৰ্মী ডাচ্চ বন্ধুৰ সহযোগত আমষ্টাৰডামৰ এটা পুৰণা চাৰিমহলীয়া ঘৰৰ একেবাৰে ওপৰ মহলাৰ পিছফালৰ কোঠা দুটামানত সপৰিয়ালে আত্মগোপন কৰে। দুই কিশোৰী জী মাৰ্গট আৰু এনৰ সৈতে চাৰিজনীয়া পৰিয়ালটোৰ প্ৰাণৰক্ষাৰ প্ৰয়াস! তেওঁলোকৰ লগতে লুকালহি মিষ্টাৰ আৰু মিছেছ ভানডান আৰু তেওঁলোকৰ কিশোৰ পুত্ৰ পিটাৰ। লগ লাগিলহি এজন দাঁতৰ ডাক্টৰো – ইহুদী! দুবছৰ ধৰি সেই আবদ্ধ গুপ্তগৃ্হতে এন ফ্ৰাংকে এক কাল্পনিক বন্ধুক উদ্দেশ্যি নিজৰ অভিজ্ঞতা লিখি গ’ল ডায়েৰী-পাতত।

১৯৪৪ চনৰ ৪ আগষ্টৰ দিনা হিটলাৰৰ অনুগামী পুলিচে এই আঠোজন নিৰ্দোষ ইহুদীক সেই গুপ্তগৃ্হত বিচাৰি পায়। তেওঁলোকক প্ৰথমে ৱেষ্টাৰ্ব’ৰ্ক বন্দীশিবিৰলৈ আৰু পিছত কুখ্যাত ঔছউইছ্ বন্দী শিবিৰলৈ লৈ যোৱা হয়। ইয়াতে এনৰ পিতৃক পৰিয়ালৰপৰা চিৰদিনলৈ বিচ্ছিন্ন কৰি অন্য কৰবালৈ লৈ যোৱা হয়। কিছুদিন পিছত কিশোৰী দুজনীক মাকৰ পৰাও বিচ্ছিন্ন কৰি ৱেলচন শিবিৰলৈ নিয়া হয়। তাতেই প্ৰথমে মাৰ্গট আৰু পিছত এনৰ মৃত্যু ঘটে। ভানডানক গেছ-চেম্বাৰত বধ কৰা হয়। লুকাই থকা দিনত এনৰ খেলৰ সংগী পিটাৰৰ কি হ’ল জনা নগ’ল। কিন্তু, সৌভাগ্যক্ৰমে অটো ফ্ৰাংক বাছি যায়। ৰুছ সৈন্যই তেওঁক উদ্ধাৰ কৰে। হিটলাৰৰ পতনৰ পিছত তেওঁ নিজ স্থানলৈ উভতি আহি দুই কন্যা আৰু পত্নীৰ অকাল মৃত্যুৰ খবৰ পায়।

সিফালে গুপ্ত গৃ্হৰপৰা আঠো ইহুদীক ধৰি নিয়াৰ পিছত কোনোবা চাফাই-কৰ্মীয়ে পেলনীয়া কাগজৰ মাজত এখন ডায়েৰী পাই তাৰ মৰ্ম ধৰিব নোৱাৰি এনহঁতক গোপনে সহায় কৰা মিয়েপ আৰু এলিৰ হাতত সেইখন গতাই দিয়ে। তেওঁলোকৰ পৰা সেই ডায়েৰী এনৰ পিতৃয়ে পায়। সেইখন কিতাপ আকাৰে প্ৰকাশ পালত সমগ্ৰ বিশ্ব শিয়ঁৰি উঠিল কিশোৰী এনে লিপিবদ্ধ কৰি থৈ যোৱা সিহঁতৰ দুৰ্দশা আৰু ঘাতকী নাজী বাহিনীৰ চৰম অমানুষিকতাৰ বিৱৰণ পঢ়ি। বিশ্বৰ অজস্ৰ ভাষালৈ সি অনুদিত হ’ল।

তাৰ অসমীয়া অনুবাদ কৰিছিল বাসন্তী লস্কৰ আৰু গীতা উপাধ্যায়ে, প্ৰকাশ কৰিছিল লয়াৰ্ছ বুক ষ্টলে। এনৰ পিতৃ অটো ফ্ৰাংক তেতিয়া জীৱিত। বিশ্ববিশ্ৰুত এই গ্ৰন্থৰ স্বত্ব তেওঁৰ হাততে আছিল। কিন্তু, তেওঁ অকণো ৰয়েল্টি নোলোৱাকৈ কিতাপখনৰ অসমীয়া অনুবাদ প্ৰকাশ কৰাৰ অনুমতি দিলে। অসমৰ অনুবাদিকালৈ তেওঁ লিখিলেঃ “মোৰ জীয়ৰীৰ দিনপঞ্জীৰ অনুবাদ আৰু প্ৰকাশ কৰি তাই দি থৈ যোৱা শান্তি আৰু বোধৰ বাণী প্ৰচাৰ কৰাৰ বাবে মই মিছ উপাধ্যায়ক ধন্যবাদ জনাব খোজোঁ।” দুয়ো অনুবাদিকায়ো অনুদিত গ্ৰন্থখন এনৰ পিতৃ অটো ফ্ৰাংকৰ নামতে উচৰ্গা কৰিছে।

দেশপ্ৰেম, জাতিপ্ৰেম আদিৰ ছদ্মবেশত সাম্প্ৰদায়িকতা আৰু ফেচীবাদে কিদৰে মানৱতাৰ ব্যাপক স্খলন ঘটাব পাৰে, তাক অনুধাৱন কৰিবলৈ আন একো নপঢ়িলেও হয়– এন ফ্ৰাংকৰ ডায়েৰীয়ে যথেষ্ট। অন্ধ উন্মাদনাই মানৱজাতিৰ কি বিপুল সম্ভাৱনা কলিতে বিনাশ কৰিব পাৰে তাৰো পাঠ আমি এই গ্ৰন্থৰ মাজেদিয়ে পাম – ফুলকলিৰ দৰে বয়সতে এনে মনোগ্ৰাহী আৰু সংবেদনশীল ভাষাৰে অসাধাৰণ গ্ৰন্থ লিখিব পৰা এন নিষ্ঠুৰ নাজীৰ অত্যাচাৰত অকালতে নমৰা হ’লে বিশ্বই নিশ্চয় আৰু বহু আপুৰুগীয়া সৃষ্টিৰ আস্বাদ পালেহেঁতেন। হিটলাৰ আৰু তেওঁৰ অনুগামীহঁতে নুবুজিলে যে সকলোৱে ভয় কৰা জাতি নহয়, সকলোৱে ভাল পোৱা জাতিহে শ্ৰেষ্ঠ। সেয়ে আশাকৰোঁ আজিৰ ভাৰত তথা অসমত আন এখন এন ফ্ৰাংকৰ ডায়েৰী লিখাৰ পৰিবেশ তৈয়াৰ নহওক।

 

 

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইলঃ [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd