NORTHEAST NOW (Assamese)

বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক অধিৱেশন; উদুলি মুদুলি বাক্সাৰ তামুলপুৰ

April 11, 2021 1:04 pm · দীপক কুমাৰ পাঠক
ফটো: নৰ্থইষ্ট নাও।

বাক্সা জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰেৰে পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশন।

আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী  হিচাপে পুৱা  ৮:৩০ বজাত পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে।

পতাকা উত্তোলনৰ পিছতে বড়ো সাহিত্য সভাৰ প্ৰয়াত ব্যক্তিসকলৰ স্মৃতিত স্মৃতি তৰ্পণ কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি সীতাৰাম বসুমতাৰীয়ে।

ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ কৰে বড়ো সাহিত্য সভাৰ আন এজন উপ সভাপতি ড০ দীননাথ বসুমতাৰীয়ে।

পতাকা উত্তোলন কৰি সংবাদ মাধ্যমৰ আগত সভাপতি তৰেন বড়োৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়, ‘’বিশ্বায়ন আৰু প্ৰতিযোগিতাৰ যুগত ফেৰ মাৰিব পৰাকৈ বড়ো সাহিত্য সভাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বড়ো সাহিত্য সভা এটা সাহিত্য-সংস্কৃতিৰ সংগঠন হিচাপে বড়ো জাতি গঠন প্ৰক্ৰিয়াত আৰু জাতিটোৰ উন্নয়নৰ বাবে যথেষ্ট কৰণীয় আছে।‘’

বড়ো জাতিৰ উন্নয়নৰ বাবে ভেদাভেদ পৰিহাৰ কৰি ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ কাম কৰাৰ আহ্বান সভাপতি জনায় সভাপতি তৰেন বড়োৱে।

আনহাতে, পাঠ্যপুথিৰ সমস্যা, শিক্ষক আৰু শিক্ষাৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ BTR প্ৰধান প্ৰমোদ বড়োলৈ আহ্বান জনায় বড়ো সাহিত্য সভাৰ সভাপতি গৰাকীয়ে।

নতুনকৈ গঠন হোৱা NLFB সংগঠন সন্দৰ্ভত মন্তব্য কৰি তৰেন বড়োৱে কয় যে  বড়ো সাহিত্য সভাই সদায় শান্তি সম্প্ৰীতিৰ বাবে মাত মাতি আহিছে।

তেওঁ উগ্ৰপন্থীসকলক মুলসুঁতিলৈ ঘুৰাই আনিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ গৃহ বিভাগক আহ্বান জনায়।

সমাজত শান্তি স্থাপনৰ স্বাৰ্থত উগ্ৰপন্থীসকলকো মুলসুঁতিলৈ উভতি আহিবলৈ তেওঁ আহ্বান জনায়।

বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰধান প্ৰশান্ত বড়োৱে কয় যে বড়ো জাতিটো ৰাজনৈতিকভাৱে বিভাজন হোৱা বাবে সামাজিক গাঁঠনি দুৰ্বল হৈ পৰিছে।

বড়ো জাতি হিচাপে ঐক্যবদ্ধ আৰু শান্তিপ্ৰিয়ভাবে বসবাস কৰিবলৈ ৰাইজক আহ্বান জনায় সম্পাদক প্ৰধান প্ৰশান্ত বড়োৱে।

Related News