NORTHEAST NOW (Assamese)

ধুবুৰীত পজিটিভ ৰোগীৰ সংস্পর্শত অহা প্ৰথমটো COVID-19 ৰোগী চিনাক্ত; আক্ৰান্তৰ সংখ্যা ২৯ লৈ বৃদ্ধি

April 9, 2020 8:37 pm · এন ই নাও নিউজ
Updated: April 9, 2020 9:05 pm
প্ৰতিনিধিত্বমূলক ফটো

অসমত আজি আৰু এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। ধুবুৰী জিলাত চিনাক্ত হোৱা এই আক্ৰান্ত লোকজন জিলাখনৰ পূৰ্বতে চিনাক্ত হোৱা COVID-19 পজিটিভ ৰোগীজনৰ সংস্পৰ্শত অহা লোক।

আজি নিশা ৮ বজাত টুইটাৰ যোগে এই কথা নিশ্চিত কৰিছে  ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটত সদৰী কৰিছে যে ধুবুৰীৰ এজন ব্যক্তি, যিজনে সেই জিলাখনৰে এজন পজিটিভ ৰোগীৰ (মাৰ্কাজৰ সৈতে সম্পৰ্কিত) সংস্পৰ্শলৈ আহিছিল, তেওঁৰ COVID-19 পজিটিভ চিনাক্ত কৰা হৈছে।

আজি নিশ্চিত কৰা COVID-19 পজিটিভ এই ৰোগীজনৰ সৈতে অসমত এতিয়া মুঠ কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা ২৯জনলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে যোৱা ৭ এপ্ৰিলত ধুবুৰীত এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা ধৰা পৰিছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ধুবুৰীৰ লোকজনৰ দেহত COVID-19 পজিটিভ পোৱা বুলি জানিবলৈ দিছিল।

মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে উক্ত লোকজন দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাত মাৰ্কাজৰ সৈতে জড়িত আছিল।

‍আক্ৰান্ত উক্ত ব্যক্তিজনে নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ সমাবেশ সম্পৰ্কীয় বুলিও টুইটোত উল্লেখ কৰিছিল।

মন্ত্ৰী শৰ্মাই আজি টুইট যোগে জানিবলৈ দিয়ে যে আজি COVID-19 পজিটিভ ধৰা পৰা লোকজন জিলাখনৰ মাৰ্কাজৰ সৈতে জড়িত উক্ত ৰোগীজনৰ সংস্পৰ্শলৈ অহা ব্যক্তি।

উল্লেখ্য যে বৰ্তমানলৈ অসমত ক’ৰ’নাত আক্ৰান্ত হোৱা ২৯ গৰাকী লোকৰ ভিতৰত ২৮ গৰাকী লোকৰে দিল্লীৰ নিজামুদ্দিন জামাতৰ সৈতে সম্পৰ্ক আছিল।

Related News