NORTHEAST NOW (Assamese)

বিশ্বত প্ৰৱেশ কৰিছে কোভিড-১৯ৰ আন এক ভেৰিয়েন্ট; এইবাৰ আহিছে ‘লাম্বদা’ৰ আতংক!

July 9, 2021 10:58 am · এন ই নাও নিউজ

দিন পাৰ হোৱাৰ লগে লগে এটাৰ পাছত আন এটা কোভিড-১৯ৰ ভেৰিয়েন্ট বিশ্বত প্ৰৱেশ কৰিবলৈ লৈছে আৰু প্ৰতিটোৱে পূৰ্বতকৈ শক্তিশালী তথা মাৰাত্মক।

ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েন্টৰ পাছত কোভিড-১৯ৰ আন এটি মিউটেন্টে ভুমুকি মাৰিছে। ইয়াক কোৱা হৈছে ‘লাম্বদা’ (Lambda)।

মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে কোভিড-১৯ৰ ‘লাম্বদা’ ভেৰিয়েন্ট  ভাৰতত প্ৰথম আৱিস্কৃত ডেল্টাতকৈয়ো মাৰাত্মক।

বিশেষজ্ঞসকলৰ মতে ‘লাম্বদা’ ভেৰিয়েন্ট  যোৱা ডেৰ বছৰ ধৰি কোভিড-১৯ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিৰ প্ৰতি এক নতুন ভাবুকি।

বিশ্ব স্বাস্থ্য সংস্থাই যোৱা ১৪ জুনত ইতিমধ্যেই লাম্বদাক লক্ষ্যণীয় ভেৰিয়েন্ট হিচাপে ঘোষণা কৰিছে।

যোৱা ২০২০ৰ ডিচেম্বৰত প্ৰথম চিনাক্ত হোৱা ঘটনাটোৰ পাছত যোৱা এমাহত এই ভেৰিয়েন্ট এতিয়া ৩০খন দেশলৈ সংক্ৰমিত হৈছে।

‘’লাম্বদা ষ্ট্ৰেইন বিশ্বৰ ভিতৰতে সৰ্বাধিক মৃত্যুৰ হাৰ থকা দেশ পেৰুৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হৈছে,’’মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনায়।

বাতৰি অনুসৰি, মে’ আৰু জুন মাহত পেৰুত চিনাক্ত হোৱা কোভিড-১৯ৰ ঘটনাৰ প্ৰায় ৮২শতাংশই হৈছে ‘লাম্বদা’ ভেৰিয়েন্টৰ।

লাম্বদা ষ্ট্ৰেইন ব্ৰিটেইনতো চিনাক্ত হোৱা বুলি কোৱা হৈছে। ব্ৰিটেইনে যোৱা ২৩ জুনত দেশখনত মুঠ ৬টা ঘটনা ধৰা পৰা এদিন পাছত লাম্বদাক এক ‘’পৰ্যবেক্ষণত থকা ভেৰিয়েন্ট’’ বুলি সদৰী কৰিছিল।

ভাৰতত অৱশ্যে এতিয়ালৈকে লাম্বদা ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰাৰ কোনো বাতৰি পোৱা হোৱা নাই।

Related News