• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা এছ অ’ পি নামানে কেন্দ্ৰীয় চৰকাৰৰ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানে!

কণ্টেইনমেন্ট জিলা হিচাপে প্ৰযোজ্য হৈ থকা বিশ্বনাথত যুৱক-যুৱতীৰ মাজত অনুষ্ঠিত প্ৰশিক্ষণ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 9, 2021 10:16 am
SOP violation by institute

ফটো: নৰ্থইষ্ট নাও।

219
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ জটিল পৰিস্থিতিৰ বাবে যি সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰা হৈছে, সেই সময়তে কেন্দ্ৰীয় চৰকাৰৰ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানে সম্পূৰ্ণ ক’ভিড বিধি উলংঘা কৰা দেখা গৈছে।

সভা-সমিতি কিম্বা বিবাহ আদি অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকা টোটেল কন্টেইনমেন্ট জিলা বিশ্বনাথ জিলাত এতিয়া কৃষি কৰ্মৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি ক’ভিড বিধি ভংগ কৰিছে বিশ্বনাথ চাৰিআলিৰ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ সংস্থানে।

কেন্দ্ৰীয় চৰকাৰৰ ফাৰ্ম মেচিনেৰীৰ প্ৰতিষ্ঠানটোৱে ক’’ভিডৰ জটিল সময়ত কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ অধীনৰ “আজাদী কা অমৰুট মহোৎসৱ” কাৰ্যসূচীৰ অংশৰূপে মহিলা আৰু পুৰুষৰ এক প্ৰশিক্ষণ কাৰ্যসূচী চলাই আছে।

তাৰেই পৰিপ্ৰেক্ষিতত মহকুমাধিপতিৰ চাডেন ভিজিটত যোৱা সাংবাদিক দলৰ কেমেৰাত বন্দী হয় চকু কপালত উঠা দৃশ্য।

অতি আশ্বৰ্যজনকভাৱে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ চৰ্ত সাপেক্ষ অনুমতি লাভ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত ক’ভিড বিধি মুঠেই পালন কৰা হোৱা নাই। বিশ্বনাথ জিলাৰ সদৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়াই চাডেন ভিজিট কৰি কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ সংস্থাটোৰ ক’ভিড বিধি ভংগ স্বচক্ষে প্ৰত্যক্ষ কৰে।

সম্প্ৰতি সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নত জনতাৰ সমাবেশ নিষিদ্ধ কৰি বজাৰ-হাট বন্ধ ৰখাৰ সময়ত এনেদৰে ক’ভিড বিধি ভংগ কৰা সংস্থানটোৰ সঞ্চালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে।

ইফালে সংস্থানটোৰ প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা প্ৰশিক্ষকৰ মুখতো মাস্ক নাই। একেখন বেঞ্চতে একাধিক প্ৰশিক্ষাৰ্থী বহাৰ লগতে প্ৰায় ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব জলাঞ্জলি দি প্ৰশিক্ষণ গ্ৰহণ কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

একাংশক সম্পূৰ্ণ কণ্টেইনমেন্টৰ নামত গৃহবন্দী কৰি একাংশক এনেদৰে নীতি জলাঞ্জলি দি চৰকাৰীভাৱেই প্ৰশিক্ষণ দিয়া কাৰ্য শীঘ্ৰে বন্ধ কৰাৰো দাবী উত্থাপিত হৈছে।

ক’ভিডৰ জটিল পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা বাতিল কৰাৰ পিছত এই সংস্থাটোত প্ৰশিক্ষণৰ নামত প্ৰশিক্ষাৰ্থী সকলৰ জীৱনক লৈ এই জটিল সময়ত হেতালি খেলা কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হৈ পৰিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd