গুৱাহাটী ৰে’ল ষ্টেচনত নিৰ্মাণ কৰা হ’ব আন এটা প্ৰৱেশ পথ 

বুধবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটী ৰে’ল ষ্টেচনত দ্বিতীয় প্ৰৱেশ পথ নিৰ্মাণৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এএছটিচি) সৈতে ভূমি বিনিময় বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ দ্বিতীয় প্ৰৱেশ পথৰ নক্সা অহা ৪ মাহৰ ভিতৰত সাজু হৈ উঠিব আৰু ইয়াক গুৱাহাটী ষ্টেচন পুনৰ্বিকাশ প্ৰকল্পৰ অংশ হিচাপে বিকশিত কৰা হ’ব৷ যাত্ৰীসকলক অহা যোৱা কৰাৰ সুবিধা প্ৰদানৰ উপৰিও, এই দ্বিতীয় প্ৰৱেশ পথে চহৰখনৰ ভিতৰত যান-জঁট হ্ৰাস কৰিব।

গুৱাহাটী ৰেল ষ্টেচনটো সদায় উত্তৰ দিশৰ পৰা বা চহৰখনৰ পাণবজাৰৰ দিশৰ পৰা মাত্ৰ এটা প্ৰৱেশ পথেৰে সেৱা আগবঢ়াই থকা হৈছে। ষ্টেচন আৰু ইয়াৰ প্ৰৱেশ পথটো উন্নত কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰেলৱেই উপযুক্ত ভূমি প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ সৈতে যোগাযোগ কৰাত ৰাজ্য চৰকাৰ এই ক্ষেত্ৰত সন্মত হয়।

 ৬৬৮২.৫০ বৰ্গ মিটাৰ জোখৰ পল্টন বজাৰৰ দিশৰ এএছটিচিৰ ভূমি, গুৱাহাটী ৰেল ষ্টেচনত দ্বিতীয় প্ৰৱেশ পথ নিৰ্মাণৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয়। ইয়াৰ বিনিময়ত, উত্তৰ জালুকবাৰীত সমমূল্যৰ ২৭৮৪৩.৭৫ বৰ্গ মিটাৰ পৰিমাণৰ ৰে’লৱে ভূমি এএছটিচিক হস্তান্তৰ কৰা হ’ব।

উত্তৰ পূব সীমান্ত ৰেলৱেই ইতিমধ্যে দ্বিতীয় প্ৰৱেশ পথৰ বিকাশৰ বাবে পৰামৰ্শদাতা নিযুক্ত কৰিছে আৰু গুৱাহাটী ৰেল ষ্টেচনৰ সামগ্ৰিক বিকাশৰ বাবে পৰিকল্পনা কৰিছে। যাত্ৰীৰ বাবে আসনৰ ব্যৱস্থা আৰু কিয়স্ক আদি উপলব্ধ কৰাৰ বাবে ষ্টেচনত অতিৰিক্ত স্থান সৃষ্টি কৰিবলৈ ৰেলৱে ট্ৰেকৰ ওপৰত ৰুফ প্লাজা প্ৰদান কৰা হ’ব। 

ষ্টেচনটো সৌৰ পেনেল স্থাপন, আৱৰ্জনা ব্যৱস্থাপনা, পানী ব্যৱস্থাপনা আদিৰ সৈতে ‘সেউজ নিৰ্মাণ’ অৱধাৰণাৰে বিকশিত কৰা হ’ব। যাত্ৰীসকলক পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ বাবে, ষ্টেচনটোৱে লিফ্ট, এস্কেলেটৰ, আধুনিক ছাইনেজ, শৌচালয়, প্ৰশস্ত প্ৰতীক্ষাহল, পাৰ্কিং সুবিধাৰ লগতে বৈদ্যুতিক বাহনৰ চাৰ্জিং পইণ্ট আৰু আহাৰ আৰু থকাৰ ব্যৱস্থা ইত্যাদি প্ৰদান কৰা হব।

উত্তৰ-পূৰ্ব্বাঞ্চলৰ সৰ্ববৃহৎ চহৰ হিচাপে পৰিগণিত গুৱাহাটীয়ে ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ হিচাপেও সেৱা আগবঢ়ায়। এই চহৰখনৰ কেন্দ্ৰস্থলত স্থাপিত হোৱা বাবে গুৱাহাটী ৰে’ল ষ্টেচনে অঞ্চলটোৰ বাবে যোগাযোগ কেন্দ্ৰ হিচাপেও কাম কৰি আহিছে। এই নতুনকৈ সংযোজিত সুবিধাসমূহৰ সৈতে, ষ্টেচনটোৱে গুৱাহাটীৰ জনসাধাৰণৰ বাবে সৰ্বাঙ্গীন বিকাশৰ সূচনা কৰিব।