NORTHEAST NOW (Assamese)

বাঘজান তৈল খাদত আকৌ বিস্ফোৰণ : তিনি বিদেশী বিশেষজ্ঞসহ ৬ বিশেষজ্ঞ অগ্নিদগ্ধ

July 22, 2020 3:39 pm · অভীক চক্ৰৱৰ্তী, মানস প্ৰতীম গগৈ
Updated: July 22, 2020 4:06 pm

বাঘজান তৈলখাদত পুনৰ সংঘটিত হৈছে অঘটন।

আজি দুৰপৰীয়া পুনৰ বিস্ফোৰণ সংঘটিত হৈছে বাঘজান তৈলখাদত।

তৈল খাদটোত বিস্ফোৰণৰ লগতে সংঘটিত হৈছে অগ্নিকাণ্ডৰ।

বিস্ফোৰণৰ লগে লগে সংঘটিত অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈছে ৬ জনকৈ বিশেষজ্ঞ।

অগ্নিদগ্ধ হোৱা ৩ বিশেষজ্ঞ বিদেশৰ আৰু ৩ জন ভাৰতীয় বিশেষজ্ঞ বুলি জানিব পৰা গৈছে।

বিদেশী কেইজন ছিংগাপুৰৰ Alert Disaster Control নামৰ সংস্থাটোৰ বিশেষজ্ঞ আছিল।

বিদেশী বিশেষজ্ঞকেইজন এন্থনি ষ্টীভেন ৰেনল্ড (আমেৰিকা), ড’গ ডিল্লাছ (আমেৰিকা) আৰু ক্ৰেইগ নীল ডাকান।

অগ্নিদগ্ধ হোৱাৰ পূৰ্বে বিদেশী বিশেষজ্ঞকেইজন

ইয়াৰ আমেৰিকাৰ বিশেষজ্ঞকেইজন যোৱা ১২ জুনত বাঘজানত উপস্থিত হোৱাৰ বিপৰীতে ডাকানে ৮ জুনত উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে।

ইতিমধ্যে অগ্নিদগ্ধ বিশেষজ্ঞকেইজনক চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

“তিনিচুকীয়া জিলাৰ ৫ নং বাঘজান তৈলখাদত বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণত তিনিজন বিদেশী বিশেষজ্ঞৰ অগ্নিদগ্ধ হৈছে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।” অইল ইণ্ডিয়াৰ মুখপাত্ৰ ত্ৰীদিপ হাজৰিকাই কয়।

জানিব পৰা মতে আজি বাঘজান তৈলখাতৰ জুই প্ৰায় নুমাই গৈছিল।

ইয়াৰ পাছতেই তৈল খাদটোৰ মুখ বন্ধ কৰিবলৈ চেষ্টা চলাইছিল বিশেষজ্ঞৰ দলটোৱে আৰু তেনে সময়তে সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনাটো।

উল্লেখ্য যে, যোৱা ২৭ মে’ৰ পৰাই অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল খাদৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ অবিৰতভাৱে নিৰ্গত হৈ আছিল।

ইয়াৰ পাছত যোৱা ৯ জুনত বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নি কাণ্ডৰ সৃষ্টি কৰিছিল। যাৰ ফলত তৈলখাদটোৰ দাঁতিকাষৰীয়া গাঁওখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল।

Related News