অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ আন এক বিভ্ৰান্তিকৰ প্ৰমাদ!

অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিজ্ঞাপনত প্ৰকাশ পাইছে যে অক্টোবৰৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰা হৈছে

Env-Img-750x375

সমগ্ৰ দেশতে বিভিন্ন ৰাজ্যই অক্টোবৰৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈকে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰাৰ বাবে সাজু হোৱাৰ সময়তে একমাত্ৰ ব্যতিক্ৰম হিচাপে দেখা গৈছে অসমক।

অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিজ্ঞাপনত প্ৰকাশ পাইছে যে অক্টোবৰৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰা হৈছে।

ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰি কাকতসমূহত সোমবাৰে (১ অক্টোবৰ, ২০০৮) এক সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত মিচিকিয়াই হাঁহি থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম গৌৰৱ এশিঙিয়া গঁড় তথা অন্য বন্যপ্ৰাণীৰ ফটোসহ বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ বুলি প্ৰকাশ পাইছে।

বিজ্ঞাপনটো তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিজ্ঞাপন নং জনসংযোগ/ ডি/  ৫৩১৫/ ১৮ যোগে কাকতসমূহত প্ৰকাশ কৰিছে।

এইটো ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজমেন্ট বিষয়ৰ দায়িত্বত থকা লোকসকলৰ চৰম অজ্ঞতাৰ আন এক জলন্ত উদাহৰণ।

নৰ্থইষ্ট নাওৰ সৈতে টেলিফোন যোগে হোৱা বাৰ্তালাপত প্ৰধান মুখ্য বন সংৰক্ষক ডি পি বাংকোৱালে স্বীকাৰ কৰে যে এয়া ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজাৰৰ এটা প্ৰচণ্ড ভুল।

‘’ এই তাৰিখ কেন্দ্ৰীয় চৰকাৰে নিৰ্দ্ধাৰণ কৰিছে আৰু কোনোৱে যিকোনো পৰিস্থিতিতে ইয়াক পৰিৱৰ্তন বা সালসলনি কৰিব নোৱাৰে,’’- বাংকোৱালে কয়।

ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক অৱশ্যে বহুকেইবাৰ চেষ্টা কৰিও তেওঁ ফোন নোতোলাৰ বাবে যোগাযোগ কৰিব পৰা নগ’ল।

গোটেই দেশতে প্ৰতি বছৰে ভাৰতৰ বন্যপ্ৰাণীসমূহ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণী সপ্তাহ ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ উদযাপন কৰা হয়।

বন্যপ্ৰাণী সপ্তাহ ২০১৮’ মঙলবাৰৰ পৰা ৮ অক্টোবৰলৈ ‘ প্ৰত্যাহ্বানৰ মুখত চিকাৰী-বাঘ’ শীৰ্যক বিষয়বস্তুৰে সমগ্ৰ দেশতে উদযাপন কৰা হ’ব।

বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি দেশৰ জনসধাৰণৰ মাজত সাধাৰণ সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়।

ভাৰত চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি জনসাধাৰণক আকৃষ্ট তথা উৎসাহিত কৰি অহা পৰিৱেশবিদ,সামাজিক কৰ্মী, প্ৰশিক্ষক আদিৰ জৰিয়তে গোটেই সপ্তাহজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে।