NORTHEAST NOW (Assamese)

বাৰাণসীৰ পিছত কাছগঞ্জত! পুনৰ যোগীৰাজত আন এগৰাকী ছোৱালীক দলবদ্ধ ধৰ্ষণ

April 13, 2025 10:00 pm · এন ই নাও নিউজ. গুৱাহাটী
Updated: April 13, 2025 7:22 pm

দলবদ্ধ ধৰ্ষণ কাণ্ডই উত্তাল কৰিছে উত্তৰ প্ৰদেশ। বাৰাণসীৰ পিছত এবাৰ কাছগঞ্জত সংঘটিত আন ধৰ্ষণ কাণ্ড। এসপ্তাহতকৈ অধিক সময় ধৰি আৰক্ষীৰ তালাচী চলোৱাৰ পাছতো এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই ১১জন বাৰাণসী কাণ্ডৰ অভিযুক্ত। ইফালে কাছগঞ্জত আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ১০ এপ্ৰিলত ১৭ বছৰীয়া কিশোৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ এজাহাৰ দাখিল কৰাৰ পাছতে। পাঁচোজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কাছগঞ্জ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত এজাহাৰ পঞ্জীয়ন কৰিছে। আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে ঝল অঞ্চলৰ এখন দলঙত হ’বলগীয়া স্বামীৰ সৈতে ফুৰিবলৈ গৈছিল। তাতে সাত-আঠজনে ঘেৰি ধৰি মাৰপিট কৰিবলৈ ধৰিলে। তেওঁলোকৰ সকলো বস্তু তেওঁলোকৰ পৰা কাঢ়ি লৈ ​​গ’ল। ইয়াৰ পিছতে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ  উত্থাপন কৰিছে। যদিও প্ৰথম অৱস্থাত ঘৰত কোৱা নাছিল, ক্ৰমান্বয়ে ভুক্তভোগী মহিলাগৰাকী অসুস্থ হৈ পৰাত পৰিয়ালটোৰ দৃষ্টিগোচৰ হয়, তাৰ পিছত তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

ইয়াৰ পূৰ্বে বাৰাণসীত ১৯ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনাই কঁপাই গৈছে। পৰিয়ালৰ দাবী, ২৯ মাৰ্চত তেওঁৰ এগৰাকী বন্ধুৱে ছোৱালীজনীক লৈ গৈছিল, ইয়াৰ পিছত ৪ এপ্ৰিলত তেওঁ আৰক্ষীক নিৰুদ্দেশ হোৱা ৰিপৰ্ট দাখিল কৰে। সেইদিনাই আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰ কৰে। কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে যে সেই সময়ত যৌন নিৰ্যাতনৰ কোনো অভিযোগ উত্থাপন হোৱা নাছিল। দুদিন পিছত ৬ এপ্ৰিলত এফআইআৰ ৰুজু কৰা হয়। ইয়াত দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। ৰাজ্যখনত সঘনে সংঘটিত হ’বলৈ ধৰা এনে ধৰণৰ কাণ্ডই উদ্বেগৰ সৃষ্টি কৰিছে

Related News