Jacqueline Fernandez ডিঙিত দাগ! ‘প্ৰৱঞ্চক’ সুকেশৰ সৈতে প্ৰেমৰ আৰু এক অন্তৰংগ ছবি পোহৰলৈ আহিল জেকুলিনৰ

jacqueline-fernande secret

Jacqueline Fernandez বলীউদৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজৰ নাম সাঙোৰ খাই পৰিছে ২০০কোটি টকাৰ বিত্তীয় প্ৰতাৰণৰ গোচৰত। চৰ্চিত হৈ পৰিছে এই ঘটনাৰ মূল অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ সৈতে জেকুলিনৰ প্ৰমৰ সম্পৰ্ক।

ইয়াৰ মাজতে পোহৰলৈ আহিছে সুকেশৰ সৈতে জেকুলিনৰ এক অন্তৰংগ মুহূৰ্তৰ ছবি। সঁচাকৈয়ে বৰ অন্তৰংগ এই ছবি!

বিত্তীয় প্ৰতাৰণাৰ গোচৰত ইডিয়ে ইতিমধ্যে কেইবাবাৰো জেকুলিনক জেৰা কৰিছে। দেশ এৰি বিদেশলৈ ভ্ৰমণৰ ক্ষেত্ৰতো আৰোপ কৰা হৈছে বাধা।

বাতৰি অনুসৰি, জেৰাত সুকেশে নিজেই জেকুলিনৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে জেকুলিনে এই কথা অস্বীকাৰ কৰি আহিছে।

লগতে পঢ়ক: বিনা অভিযোগত ৩বছৰ কাৰাবাস খটাৰ পাছত অৱশেষত মুকলি হ’ল ছৌদি আৰৱৰ ৰাজকুমাৰী

সুকেশে অভিনেত্ৰীগৰাকীক হীৰাৰ অলংকাৰ, দামী পাথৰৰ গহনা, দামী জোতাকে ধৰি কোটি কোটি টকাৰ উপহাৰ দিছিল।

পূৰ্বেও জেকুলিন আৰু সুকেশৰ অন্তৰংগ ছবি প্ৰকাশ পাইছিল য’ত দাপোনৰ সন্মুখত থিয় হৈ জেকুলিনক চুম্বন কৰা দেখা গৈছেল প্ৰৱঞ্চক সুকেশক।

এইবাৰ পোহৰলৈ আহিছে আন এখন গভীৰ অন্তৰংগ ছবি। বিছনাত শুই থকা অৱস্থাত জেকুলিনৰ নাকত চুমা আঁকি দিছে সুকেশে। জেকুলিনৰ ডিঙিত স্পষ্ট জিলিকিছে এটা দাগ। বহুতেই ইয়াক ‘লাভ বাইট’ বুলি দাবী কৰিছে।

ইপিনে, ছচিয়েল মিডিয়াত মুখ খুলিছে জেকুলিনে। ছচিয়েল মিডিয়াত তেওঁ লিখিছে,’’এই দেশ আৰু ইয়াৰ মানুহে সদায় মোক ভালপোৱা দিছে। তালিকাত মোৰ মিডিয়াৰ বন্ধুসকলো আছে। যিসকলৰ পৰা মই বহুত কথা শিকিছো।বৰ্তমান মই জটিল সময়ৰ মাজেৰে কটাইছো। আশা কৰো মোৰ বন্ধু তথা অনুৰাগীসকলে মোৰ কাষত থাকিব।‘’

লগতে পঢ়ক: ‘বুল্লি বাই’ এপৰ মূল অভিযুক্ত অসমৰ নীৰজ বিষ্ণইয়ে দিল্লী আৰক্ষীক দিলে আত্মহত্যাৰ ভাবুকি

জেকুলিনে লগতে লিখিছে,’’ এনে বিশ্বাসেৰে মোৰ মিডিয়াৰ বন্ধুসকলৰ ওচৰত অনুৰোধ যাতে এনে কোনো ছবি তেওঁলোকে প্ৰকাশ নকৰে যিয়ে মোৰ ব্যক্তিগত জীৱনক আঘাত কৰে। মোৰ বিশ্বাস ভালপোৱাজনৰ সৈতে আপুনি এয়া কৰিব নোৱাৰে। মোৰ সৈতেও কৰিব নোৱাৰিব। এইখিনি সহানুভুতি আশা কৰিম।‘’