NORTHEAST NOW (Assamese)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল’লে এজনৰ

July 6, 2019 12:57 pm · মৃদুল প্ৰীতম ডেকা
ৰামচৰণ বৈশ্য

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ অব্যাহত আছে। আজি ৰাতিপুৱা স্বয়ং স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীত ৰামচৰণ বৈশ্য নামৰ এগৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।

জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছিৰ বাসিন্দা বিশিষ্ট সমাজ কৰ্মী ৰামচৰণ বৈশ্যৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৩ বছৰ।

বৈশ্যই জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী হেল্থ চিটি হস্পাতালত চিকিৎসা গ্ৰহণ কৰি আছিল, কিন্তু আজি ৰাতিপুৱা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু চিকিৎসালয়তে ৰাতিপুৱা ৬.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

কিছুদিন পূৰ্বে শিৱসাগৰ জিলাৰ এগকাৰী লোকবাদ্য শিল্পী আৰু পাঠশালাৰ এগৰাকী যুৱতী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল।

উল্লেখযোগ্য যে, চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে।

আনহাতে, আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল আয়োজন কৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা আৰু ঔষধ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰে।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পূৰ্বে কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বাবে শুৱালকুছিত জাপানীজ এনকেফেলাইটিছৰ আতংকই দেখা দিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Related News