NORTHEAST NOW (Assamese)

কোভিডত আক্ৰান্ত হৈ মৃত্যু অসম আৰক্ষীৰ মহিলা কনিষ্টবলৰ

July 23, 2020 4:20 pm · এন ই নাও নিউজ
Updated: July 23, 2020 4:22 pm

মাৰাত্মক ক’ৰ’ণা ভাইৰাছে পুনৰ প্ৰাণ কাঢ়ি নিলে অসম আৰক্ষীৰ আন এগৰাকী কৰ্তব্যৰত জোৱানৰ।

কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটা মহিলা আৰক্ষী কনিষ্টবল গৰাকীৰ নাম পুনি মেছ পাল।

মহিলা আৰক্ষী কনিষ্টবল গৰাকীক যোৱা ১৯ জুলাইৰ দিনা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

বুধবাৰে তেওঁৰ মৃত্যু ঘটে।

কোভিডে প্ৰাণ কাঢ়ি নিয়া মহিলা আৰক্ষী কনিষ্টবল পুনি মেছ পালে নামৰুপ আৰক্ষী থানাত কৰ্মৰত আছিল।

ইয়াকে লৈ অসম আৰক্ষীত কোভিডত নৃত্যু ঘটা বিষয়া-জোৱানৰ সংখ্যা তিনি গৰাকী হ’ল গৈ।

কিছুদিন পুৰ্বে কোভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটিছিল অসম আৰক্ষীৰ জোৱান এন কে ৰাজেশ নাৰ্জাৰী।

এন কে ৰাজেশ নাৰ্জাৰীৰ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু হয়।

ক’ৰ’না আক্ৰান্ত হোৱা নৱম এ পি বি এনৰ এন কে ৰাজেশ নাৰ্জাৰীক ৪ জুলাইত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মহিলা আৰক্ষী জোৱান গৰাকীৰ মৃত্যুত টুইট যোগে গভীৰ শোক ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ এই পৰ্যন্ত ৮৬৯ গৰাকী জোৱান ক’ৰ’না আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত বৰ্তমানলৈ মুঠ ৪৮৪ গৰাকীয়ে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰিছে।

Related News