ডি বি ষ্টক কেলেংকাৰীৰ পাছত আজি পুৱা গুৱাহাটী মহানগৰীত সংঘটিত হয় আন এক চাঞ্চল্যকৰ ষ্টক কেলেংকাৰী। মাত্ৰ তিনি মাহতে জনসাধাৰণৰ ধন দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰে লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী অল্পনা দাস নামৰ মহিলাৰ বিৰুদ্ধে।
এইবাৰ এডি ষ্টকে জনসাধাৰণৰ পৰা লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে, অল্পনা দাসে কোটি টকাৰ উল্লেখযোগ্য ধনেৰে গুৱাহাটীৰ পৰা পলায়ন কৰে। হেঙৰাবাৰীত অল্পনা দাসে এটা কাৰ্যালয় খুলি ব্যৱসায়ৰ নামত ধন সংগ্ৰহ কৰাৰ পৰাই এই কেলেংকাৰি আৰম্ভ হয়। হেঙৰাবাৰীৰ চিণ্ডিকেট অৰ্কিড নামৰ এপাৰ্টমেণ্ট কমপ্লেক্সত, এডি ষ্টক ব্ৰকিং ফাইনেন্সিয়েল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামেৰে এই কাৰ্যালয়টো আছিল।
আল্পনা দাস আৰু তেওঁৰ সহযোগীসকলে ২০২৩ চনৰ ২৮ আগষ্টৰ পৰা ২০২৩ চনৰ ৮ ছেপ্টেম্বৰলৈকে জন্মাষ্টমী অফাৰৰ সময়ত বিনিয়োগকাৰীক ১৩% মাহিলী সুতৰ লগতে অতিৰিক্ত ১১% সুতৰ প্ৰতিশ্ৰুতি দিছিল।প্ৰথম অৱস্থাত প্ৰায় দুবছৰৰ বাবে প্ৰতিশ্ৰুতি দিয়া সুত বিনিয়োগকাৰীক দিয়া হৈছিল। কিন্তু চলিত বৰ্ষৰ জুলাইৰ পৰা এই ধন আৰু বিনিয়োগকাৰীক ঘূৰাই দিয়া নহ’ল।
পূর্বৰ কেলেংকাৰিৰ দৰেই আৰ্হিত পলায়ন কৰাৰ পাছতে অফিচত তলাবন্ধ কৰি আল্পনা দাস আৰু তেওঁৰ সহযোগীসকলে গুৱাহাটীৰ পৰা পলায়ন কৰে। ডি বি ষ্টকৰ দৰে ৰাজ্যৰ বাহিৰৰ বহু লোকেও এডি ষ্টকত ধন বিনিয়োগ কৰিছিল।
উল্লেখযোগ্য যে অল্পনা দাসে ইয়াৰ পূৰ্বে ডি বি ষ্টকত মেনেজাৰ হিচাপে কাম কৰিছিল। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত কেইবাজনো ভুক্তভোগীয়ে এফআইআৰ দাখিল কৰিছে। অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে অল্পনা দাসক বিচাৰি উলিয়াব পৰা নাই।