NORTHEAST NOW (Assamese)

ৰাজ্যজুৰি ‘কা’ৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ; তেজপুৰত বিশাল গণ সমাৱেশ

December 24, 2019 12:21 pm · এন ই নাও নিউজ
প্ৰতিনিধত্বমূলক ফটো

ৰাজ্যৰ ভাষা-সংস্কৃতি এতিয়া সংকটত, অব্যাহত আছে ‘কা’ বিৰোধী প্ৰতিবাদ। দল-সংগঠনকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে এই জাতি ধ্বংসী নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবী জনাইছে।

আজি পুনৰ নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে। আজি দিনৰ ১১ বজাৰ পৰা ৰাজ্যজুৰি আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত চলিছে ৰাজ্যজুৰি চলিছে প্ৰতিবাদ। গ্ৰহণ কৰিছে বিশাল গণ সমাৱেশৰ কাৰ্যসূচী।

আজি তেজপুৰৰ নেহৰু ময়দানত আয়োজিত বিশাল গণ সমাৱেশৰ কাৰ্যসূচীত উপস্থিত থাকিব আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে নেছ’ৰ সভাপতি–সম্পাদকো।

তাৰোপৰি গণ সমাৱেশটোত ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সভাপতি-সম্পাদক, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ লগতে শিল্পী সমাজেও অংশ গ্ৰহণ কৰিব।

Related News