আজি ৰাজ্যজুৰি পুনৰ আৰম্ভ ‘কা’ বিৰোধী সমন্বয় সমিতিৰ আন্দোলন
আজিৰে পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ব ‘কা’ বিৰোধী আন্দোলন। ‘কা’ বিৰোধী সমন্বয় সমিতি, অসমৰ উদ্যোগত মহানগৰীৰ চানমাৰিত পুনৰ এক আন্দোলনৰ আয়োজন কৰা হৈছে। গুৱাহাটী কমাৰ্চ কলেজৰ সমীপত থকা ‘শিক্ষা ভৱন’ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে অনুষ্ঠিত কৰা হৈছে ‘কা’ বিৰোধী প্ৰতিবাদী সভা। ‘কা’ বিৰোধী সমন্বয় সমিতি অসমৰ সভাপতি ড০ হীৰেন গোহাঁয়ে এই কথা জনাইছে।
উল্লেখ্য যে চাৰি বছৰ পূৰ্বে আজিৰ দিনটোতে ‘কা’ বিৰোধী আন্দোলনত ৰাজ্যখনৰ ৫ জন যুৱক শ্বহীদ হৈছিল। শ্বহীদ হৈছিল ছেম ষ্টেফ’ৰ্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বীজেন্দ্ৰ পাংগিং। সেই দিনটোতে আজি পুনৰ ‘কা’ বিৰোধী আন্দোলন আৰম্ভ কৰা হ’ব।
লগতে পঢ়কঃ নাগৰিকত্ব আইনৰ ৬এ ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চতম ন্যায়ালয়ে
জানিব পৰা মতে, ১৫ টা বিৰোধী দলে এই প্ৰতিবাদী অনুষ্ঠানত ভাগ ল’ব। `কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছতেই বিয়লি ৰাজ্যজুৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক প্ৰতিবাদৰ পাছতো চাৰি বছৰ পূৰ্বে বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিছিল। তাৰ পিছতে অগ্নিগৰ্ভা হৈ পৰিছিল সমগ্ৰ অসম।
লগতে পঢ়কঃ বিস্ময়! ১৮ বছৰ পূৰ্বে মূৰত লগা গুলী বাহিৰ কৰি যুৱকৰ প্ৰাণ ৰক্ষা কৰিলে চিকিৎসকে
চাৰিবছৰ পূৰ্বে সমগ্ৰ অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে অসমবাসী ৰাইজ নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল। গুৱাহাটী মহানগৰীত ছাত্ৰ সমাজৰ লগতে বিভিন্ন সংগঠনৰ ধৰ্ণা- প্ৰতিবাদচ অচল হৈ পৰিছিল জীৱন যাত্ৰা।