‘কা’-বিৰোধী আন্দোলন আৰু আছুৰ নেতৃত্ব

Margherita CAA-protest main

পৰিপক্ক সংগঠনে জনসাধাৰণক শিকায়ো, জনসাধাৰণৰপৰা শিকেও। কেব-বিৰোধী, কা-বিৰোধী আন্দোলনত অসমৰ জনসাধাৰণে এক প্ৰজ্ঞা-সমুজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছিল– আছুৱে তাৰপৰা যথোচিত পাঠ লোৱা যেন লগা নাই। কি আছিল সেই দৃষ্টান্ত? সেয়া আছিল কা-বিৰোধী আন্দোলনত ভাগ ভাগ নোহোৱাৰ আৰু আন্দোলনটোক ভাগ ভাগ নকৰাৰ দৃষ্টান্ত। আছুৰ আহ্বানত ওলাই অহা জনসাধাৰণ কৃষক মুক্তিৰ আহ্বানতো ওলাই আহিছিল, জাতীয়তাবাদী যুৱ ছাত্ৰৰ আহ্বানতো ওলাই আহিছিল, বীৰ লাচিত সেনাৰ আহ্বানতো ওলাই আহিছিল, কোনোবা আঞ্চলিক নামঘৰ সমিতিৰ আহ্বানতো ওলাই আহিছিল। অৰ্থাৎ কা-বিৰোধী আন্দোলনত তৃণমূলৰ ৰাইজ ঐক্যবদ্ধ হৈ আছিল, আহ্বায়ক সংগঠন অনুসৰি ভাগ ভাগ হৈ থকা নাছিল। একেখিনি ৰাইজেই সকলো কা-বিৰোধী সংগঠনৰ সৈতে থিয় দিছিল। কাৰণ ৰাইজে বুজিছিল যে ‘কেব’ আৰু ‘কা’ অসম-অসমীয়াৰ জীৱন-মৰণৰ সৈতে জড়িত, জাতীয় অস্তিত্বৰ সৈতে জড়িত, এক গম্ভীৰ বিষয়– ইয়াক লৈ ল’ৰা-ধেমালি নচলে, সংকীৰ্ণতা নচলে, মতলববাজী নচলে। অনমনীয়, একত্ৰিত সংগ্ৰাম লাগিবই। অসমৰ জনসাধাৰণে দিয়া এই স্পষ্ট সংকেত আছুৱে এইপৰ্যন্ত উপেক্ষা কৰিছে।

প্ৰত্যেক সংগঠনৰে স্বকীয় সাংগঠনিক শক্তি, সাংগঠনিক কৌশল আৰু মতাদৰ্শগত স্থিতি থাকে। এক বিশেষ লক্ষ্যত এই শক্তি, কৌশল আৰু স্থিতিসমূহৰ মিলনাত্মক উপাদানসমূহ সমন্বিত কৰি ল’ব পাৰিলে, তাৰ আধাৰত আগবঢ়া সংগ্ৰামৰ শক্তি আৰু বেগ পৰ্বতলংঘাধৰণে প্ৰবল হৈ পৰে। পাৰস্পৰিক প্ৰভাৱত সংগঠনসমূহৰো গুণগত আৰু সংখ্যাগত বিকাশ ঘটে। এনে সংগ্ৰামক প্ৰতিপক্ষই কেৰেপ নকৰি নোৱাৰে।

জনতাই দিয়া এই সংকেত কিন্তু অখিল গগৈৰ কৃষক মুক্তিয়ে উপেক্ষা কৰা নাই। একাধিকবাৰ তেওঁলোকে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান দিছে। আছুৱে সেই আহ্বানত সঁহাৰি দিয়াৰ দৰকাৰ বোধ কৰা নাই। অথচ সকলোৰে ওচৰত এইকথা সূৰ্যসম স্পষ্ট যে আন্দোলনকাৰী সংগঠনসমূহৰ মাজত যিমানেই ব্যৱধান আৰু বিভাজন বাঢ়ি গৈ থাকিব, সিমানেই কা-বিৰোধী সংগ্ৰাম নিশকতীয়া হৈ গৈ থাকিব।

‘কা’-সমৰ্থক শক্তিবোৰে বিচাৰে যে ‘কা’-বিৰোধী শক্তিবোৰ বিভাজিত হৈ থাকক। আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ শেহতীয়া এক অপৰিপক্ক মন্তব্যই এনে অনাকাংক্ষিত বিভাজনৰ ৰাস্তা বহলো কৰিছে, ‘কা’-সমৰ্থক শিবিৰৰ উৎসাহো বঢ়াইছে। কাৰাগাৰৰপৰাই চৰকাৰৰ এজেণ্টে আন্দোলন বিপথগামী কৰাৰ প্ৰয়াস কৰিছে বুলি শ্ৰীমান গগৈয়ে দিয়া মন্তব্য তেনেই দুৰ্ভাগ্যজনক। তেওঁ যে অখিল গগৈলৈ আঙুলিয়াইছে সেয়া সকলোৱে বুজিছে। এই পৰ্যন্ত আছুৰ ফালৰপৰা শ্ৰীমান গগৈৰ মন্তব্যক নাকচ কৰা হোৱা নাই। অৰ্থাৎ কৃষক মুক্তিৰ সৈতে এক স্পষ্ট ব্যৱধান আৰু বিভাজন আছুৰ পৰম কাম্য। মন কৰিবলগীয়া এই যে অসমৰ কা-বিৰোধী জনসাধাৰণৰ কাম্য পৰিস্থিতি এইটো নহয়, কিন্তু কা-সমৰ্থক শিবিৰৰ কাম্য অৱশ্যেই হয়। আছুৱে তেন্তে কাৰ কামনা পূৰ্ণ কৰিব ধৰিছে?

অখিল গগৈক বহুতে সমৰ্থন কৰেও, বহুতে নকৰেও। কিন্তু, তেওঁক চৰকাৰৰ এজেণ্ট বুলি কোনেও নাভাবে। এনে অদ্ভূত ইংগিত দি শ্ৰীমান গগৈয়ে ৰাইজৰ ওচৰত নিজৰ কথাৰ মূল্যহে কমাইছে। আছুৰ কিছুমান সমৰ্থকে ক’ব খোজে যে অখিল গগৈৰ প্ৰতিবাদ জংগী বাবেই তেওঁ বাৰে বাৰে জেললৈ যায় আৰু আছুৰ আন্দোলন অহিংস বাবেই আছুৰ শীৰ্ষ নেতা জেললৈ নাযায়। পিছে মহাত্মা গান্ধীতো আছিল অহিংসাৰ মানৱাৱতাৰ। তেওঁচোন বাৰম্বাৰ জেললৈ গৈছিল? কাৰণ কি? কাৰণ এয়ে যে তেওঁৰ অহিংস আন্দোলনে চৰকাৰক সমস্যাত পেলাইছিল। আছুৰ আন্দোলনে চাগৈ সিমান সমস্যা কৰা নাই!

ইমানদিনৰ অভিজ্ঞতাৰপৰা ক’ব পাৰি যে কৃষক মুক্তিৰ সৈতে আন্দোলন কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমস্যা নাই আৰু পৰিষদৰ সৈতে লগ লাগি আন্দোলন কৰিবলৈ আছুৰো একো সমস্যা নাই। তেন্তে কৃষক মুক্তিৰ সৈতে আছুৰ সমস্যা কি?

ধৰা হ’ল সমস্যা আছে। কিন্তু তাক নিৰাময় কৰাৰ কোনো পথেই নাই নেকি বাৰু? ধৰা হ’ল, আছুৰ বাবে অনভিপ্ৰেত কিবা-কিবি কৰি পেলাব পাৰে বুলিয়ে আছুৱে কৃষক মুক্তিৰ সৈতে ঐক্যবদ্ধ হ’ব নিবিচাৰে। তেন্তে অসমৰ ৰাইজ, গণসেৱী বুদ্ধিজীৱী, সাংবাদিক, সম্পাদক আৰু আন আন সংগঠনসমূহক লৈ এক জাতীয় অভিৱৰ্তন পতা হওক আৰু সেই অভিৱৰ্তনতে ঐক্যবদ্ধ আন্দোলনৰ এক উমৈহতীয়া ন্যূনতম কাৰ্যসূচী তৈয়াৰ কৰা হওক। উক্ত কাৰ্যসূচী আৰু তাক ৰূপায়িত কৰিবলৈ নিৰ্ধাৰণ কৰা কৌশলৰপৰা যদি কৃষক মুক্তি বা আন কোনো সংগঠন আঁতৰি যায় তেন্তে তেওঁলোক জবাবদিহি হ’ব লাগিব। অসমৰ জাতীয় স্বাৰ্থত এনে এক অভিৱৰ্তনৰ ব্যৱস্থা আছুৱে কিয় কৰিব খোজা নাই? অন্ততঃ এতিয়া কৰক।

লুৰিণজ্যোতি গগৈয়ে মেধা পাটকাৰ, সন্দীপ পাণ্ডে আদিৰ দৰে ভাৰত-খ্যাত সমাজকৰ্মীক ‘চালানী নেতা’ আখ্যা দি তেওঁলোকক সমালোচনা কৰাটো তেনেই কেঁচা কাম হৈছে। গগৈয়ে মন কৰা নাইনে যে তেওঁলোকে আছুৰ ভূমিকাকহে সমালোচনা কৰিছে, কিন্তু অসমৰ জাতীয় স্বাৰ্থৰ অনুকূলে মাত নমতাকৈ থকা নাই। অসম-অসমীয়াৰ স্বাৰ্থত মাত দিয়া এইসকল সমাজকৰ্মীয়ে আছুকো সমালোচনা কৰিছে কা-বিৰোধী আন্দোলন ঐক্যবদ্ধ নকৰা বাবেহে আৰু আন্দোলন লাহে লাহে ঢিমা হৈ যোৱা বাবেহে। অসম-অসমীয়াৰ পক্ষত থিয় দিয়া আৰু সদায় জন-গণৰ হকে কাম কৰা প্ৰতিবাদী সত্ত্বাৰ এই দুই খ্যাতনামা সমাজকৰ্মীক ‘চালানী নেতা’ আখ্যা দি আক্ৰমণ কৰিবলৈ যোৱাটোৱে শ্ৰী গগৈৰ অপৰিপক্কতাৰহে প্ৰমাণ দিছে। এওঁলোকৰ দৰে সমাজকৰ্মীৰ জৰিয়তে অসমৰ জাতীয় সংকট আৰু সমস্যাই সমগ্ৰ দেশতে ভাৰতীয় মানুহৰ সহানুভূতি আদায় কৰিব পাৰে। গতিকে তেওঁলোকক নাকচ কৰিব যোৱাটো ল’ৰামতীয়া কথা আৰু এনে কথাই কা-সমৰ্থক শিবিৰকে পুলকিত কৰিব।

আছুৰ শীৰ্ষ নেতৃত্বৰ ক্ষেত্ৰত এটা আমনিদায়ক কথা লক্ষ্য কৰা যায়। দৰ্কাৰী বিষয়বোৰক লৈ তেওঁলোকৰ অধ্যয়ন আধৰুৱা আৰু সেয়ে হ’মৱৰ্ক হৈ থাকে দুৰ্বল। উদাহৰণস্বৰূপে, বিজেপিৰ ফালৰপৰা যেতিয়া প্ৰচাৰপত্ৰৰ মাজেদি, সভা-সমিতিৰ মাজেদি আৰু টিভিৰ টক্ শ্ব’ৰ মাজেদি জোৰদাৰ মিথ্যা প্ৰচাৰ কৰা হ’ল যে নাগৰিকত্ব আইনৰ পূৰ্বৰ সংশোধনীসমূহেই অসম চুক্তি ভংগ কৰিছে আৰু বিদেশীৰ সন্তানকো ভাৰতীয় হোৱাৰ সুযোগ দিছে, তেতিয়া আছুৰ অন্যান্য নেতা বাদেই স্বয়ং সমুজ্জ্বল ভট্টাচাৰ্যই টিভিৰ সাংবাদিকৰ সমুখত বিজেপিৰ অপপ্ৰচাৰৰ সমুচিত জবাব দিব নোৱাৰিলে। তেওঁ এইকথা স্পষ্টকৈ ক’ব নোৱাৰিলে যে ভাৰতৰ মাটিত জন্ম হ’লেই জন্মসূত্ৰে ভাৰতীয় নাগৰিক হ’ব পৰাৰ কথাটো ১৯৮৬ চনৰ সংশোধনীয়ে অনা নাই, বৰং সেই ব্যৱস্থা ১৯৫৫ চনৰ নাগৰিকত্ব আইনখনতেই আছে। ভাৰতত জন্মা লোকৰ মাক-বাপেকৰ কোনোবা এজন ভাৰতীয় হ’লেহে লোকজন ভাৰতীয় হ’ব বুলি কৈ ১৯৮৬ চনৰ সংশোধনীয়ে যে অসম চুক্তিৰ মৰ্মকথাক সহায়হে কৰিছে, সেইকথা ভট্টাচাৰ্যই ক’ব নোৱাৰিলে। তেওঁ বৰং ক’লে যে আছুৱে হেনো ১৯৮৬ চনৰ সংশোধনীক লৈ আন্দোলন কৰিছিল! অৰ্থাৎ আওপাকে তেওঁ বিজেপিৰ মিথ্যাচাৰক সমৰ্থন কৰাৰ দৰেই হ’ল। (পিছত আইনজ্ঞ শান্তনু বৰঠাকুৰে ‘আমাৰ অসম’ত আৰু এই লেখকে ‘অসমীয়া প্ৰতিদিন’ত একোটাকৈ নিবন্ধ লিখি এই সন্দৰ্ভত বিজেপিৰ মিথ্যাচাৰ উদঙাই দিছে।) এনে আধৰুৱা হ’মৱৰ্কেৰে আছুৱে ইমান ডাঙৰ আন্দোলন পৰিচালনা কৰিব? আমি ভাবোঁ, তথ্য-পাতি সন্দৰ্ভত অখিল গগৈৰ হ’মৱৰ্ক ইয়াতকৈ ওখখাপৰ হ’ব। সেয়ে তেওঁৰ সংগঠনৰ সৈতে ঐক্যবদ্ধ হ’লে আছুৰ কা-বিৰোধী আন্দোলনৰ শক্তি নকমে, বাঢ়িবহে।

জননী পূজাৰ মন্দিৰত সংকীৰ্ণতাৰ স্থান নাই, অহং ভাবৰ স্থান নাই। আছু অবিহনেও কা-বিৰোধী আন্দোলন সফল নহয়– আছুৰ শক্তিখিনি লাগিবই। কিন্তু, “সমালোচনাৰ অগনিৰে শুদ্ধ” হ’বলৈ আছু সৰ্বদাই সাজু থাকিব লাগিব আৰু অনতিপলমে জাতিৰ ভীষ্ম, দ্ৰোৰ্ণ, বিদূৰসকলক লগত লৈ এক জাতীয় অভিৱৰ্তনৰ মাজেদি সকলো কা-বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ হকে আগবাঢ়িব লাগিব। নহ’লে আজি আমি আছুক ‘অপৰিপক্ক’ বুলিম, কিন্তু ভৱিষ্যত ইতিহাসে ইয়াতকৈয়ো কটু অভিধা প্ৰয়োগ কৰিব।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইল : shivajitdutta@gmail.com