আজি গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত নেহেৰু পাৰ্কৰ সমুখত SFI আৰু DYFI ৰ নেতৃত্বত ‘কা’ বিৰোধী আন্দোলন সম্পন্ন হয়। অসমত সাম্প্ৰদায়িক আৰু জাতিধ্বংসী ‘কা’ জাপি দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ গৰিহণা দিয়াৰ লগতে অসমৰ ছদ্মৱেশী জাতিপ্ৰেমীসকলক ভৎসনা কৰে সংগঠন দুটাৰ সদস্য সকলে।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি DYFI ৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে কয় – “অসমত আমি কোনোপধ্যেই ‘কা’ বলৱৎ মানি ল’ব নোৱাৰোঁ। ই অসমৰ হাজাৰ বছৰীয়া জনগাঁথনি আৰু সাংস্কৃতিক ঐতিহ্যক নোহোৱা কৰি পেলাব। ‘কা’ বলৱৎ কৰি চৰকাৰে কেৱল অসমৰ ভাষা-সংস্কৃতিলৈকে ভাবুকি কঢ়িয়াই অনা নাই, এই আইনে প্ৰত্যক্ষভাবে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক উপলুঙা কৰিছে। এই আইন বাতিলৰ দাবী আমি সৰ্বাত্মক প্ৰতিবাদ গঢ়ি তোলাৰ লগতে এইখন সাম্প্ৰদায়িক চৰকাৰক উৎখাত কৰিবই লাগিব।”
ইয়াৰ লগতে অসমৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু অসমৰ সকলো শ্ৰেণীৰ লোকক ‘কা’ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় নিৰংকুশ নাথে।
এই সভাত উপস্থিত হৈ যুৱ তাৰ্কিক তথা DYFI ৰ সদস্য ৰাজদ্বীপ মহন্তই কয় – “খিলঞ্জীয়া জাতিৰ মাটি ভেটি সুৰক্ষাৰ কথা কৈ শাসনলৈ অহা এইখন চৰকাৰে আজি অসমৰ বাবে বিপদ মাতি আনিছে। বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি দি অসমৰ মানুহৰ মৰম আদায় কৰা নৰেন্দ্ৰ মোদীয়ে আজি এফালে লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি ভূৱা অসমপ্ৰেম দেখুওৱাৰ বিপৰীতে অসমীয়া জাতিক নিঃশেষ কৰিবৰ বাবে ‘কা’ বলৱৎ কৰিছে।”
লগতে যুৱ তাৰ্কিকজনে কয়, “হিমন্ত বিশ্ব শৰ্মাই আমাক গুলী কৰক, লাঠি চালনা কৰক – আন্দোলন হ’ব, ৰাজপথৰ পৰা সংসদলৈকে আন্দোলন গুঞ্জৰিত হ’ব। এটুপাল এটুপাল পানীৰে যেনেকৈ সাগৰ বোৱাব পাৰি তেনেদৰে আইমাতৃৰ এটুপাল এটুপাল চকুলোৱেই এই চৰকাৰক উৎখাত কৰাৰ বাবে যথেষ্ট।”
SFI ৰ অসম ৰাজ্যিক সম্পাদক সংগীতা দাসে এই আন্দোলন ‘কা’ বাতিল নোহোৱা পৰ্যন্ত চলাই নিয়াম বুলি স্পষ্ট কৰি দিয়ে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি বিৰোধী বিভিন্ন শ্লোগানেৰে ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত অৰ্ধেক শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।