NORTHEAST NOW (Assamese)

কলিয়াবৰত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন

June 13, 2019 6:46 am · ৰিদিপ শৰ্মা

সমগ্ৰ বিশ্বৰ লগতে কলিয়াবৰতো কালি অৰ্থাৎ বুধবাৰে বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়। অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ প্ৰতি অসম ৰাজ্যিক ন্যায় সেৱা প্ৰাধিকাৰী আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে সহযোগিতা আগবঢ়ায়।

এই উপলক্ষে কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তি যুজাঁৰু ভৱনত অঞ্চলটোৰ কেইবা শতাধিক লোক উপস্থিত থকা সভাত বক্তাসকলে শিশু শ্ৰম বিৰোধী দিৱসৰ তাৎপৰ্য সম্পৰ্কে বক্তৃতা দিয়ে।

ইয়াৰ উপৰি কালিৰ উক্ত অনুষ্ঠানতে নিৰ্মাণ শ্ৰমিক আৰু অটল অমৃত যোজনাৰ অৰ্দ্ধ শতাধিক হিতাধিকাৰীৰ মাজত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানটোত শ্ৰম মন্ত্ৰী পল্লৱলোচন দাস, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, শ্ৰম আয়ুক্ত নাৰায়ন কোৱঁৰ আৰু ন্যায় সেৱা প্ৰাধিকাৰীৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।

Related News