NORTHEAST NOW (Assamese)

নগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী ৰাণুমাই টেৰনপিৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

August 24, 2018 3:02 pm · মিণ্টু দাস
নগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী ৰানুমাই টেৰনপিৰ বাসগৃহৰ পৰা দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰা সামগ্ৰীসমূহ। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী ৰানুমাই টেৰনপিৰ কামপুৰ গাৰুখুণ্ডা চাইবুক গাঁওস্থিত বাসগৃহত বৃহস্পতিবাৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখা আৰু চানমাৰী আৰক্ষীয়ে অভিযান চলায়৷

অভিযানৰ সময়ত আৰক্ষীয়ে অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমানৰ কম্বল, সূতা আৰু স্কুল বেগ জব্দ কৰে। দুৰ্নীতি নিবাৰক শাখাই বৰ্তমান জব্দ কৰা সামগ্ৰীসমূহ নিজৰ জিম্মাত ৰাখিছে।

জানিব পৰা মতে কোনো নথি পত্ৰ বিহীনভাৱে ৰাণুমাই টেৰনপিয়ে নিজৰ বাসগৃহত মজুত ৰাখিছিল সামগ্ৰী সমূহ। গুৱাহাটীৰ চানমাৰীকে ধৰি কেইবাখনো আৰক্ষী থানাত ৰাণুমাই টেৰনপিৰ বিৰুদ্ধে এনেদৰে অবৈধভাৱে মজুত ৰখা কম্বল, সূতা আৰু বেগৰ সম্পৰ্কত গোচৰ ৰুজু হৈছে।

আনহাতে আৰক্ষীয়ে জানিব দিয়া মতে বৰ্তমান উপ সভানেত্ৰী ৰাণুমাই টেৰনপি পলাতক হৈ আছে। উল্লেখ্য, পূৰ্বতে কংগ্ৰেছত থকা ৰাণুমাই টেৰনপিয়ে বিজেপি চৰকাৰ গঠন হোৱাৰ পিচতে বিজেপিত যোগদান কৰিছিল।

টেৰনপিৰ বিৰুদ্ধে কোনে গোচৰ ৰুজু কৰিছে এই বিষয়ে সবিশেষ কোৱাৰ পৰা বিৰত আছে অভিযানকাৰী আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটো।

Related News