• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বেচ্ছাসেৱী সংগঠন অনুপম জীৱন’ৰ ড্ৰাগছ্ বিৰোধী সজাগতা সভা আৰু শোভাযাত্ৰা কাৰ্যসূচী সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2023 9:37 pm
517
VIEWS
Share on FacebookShare on Twitter

স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’আৰু ‘ছেলটাৰ’ ৰ উদ্যোগত আজি জয়ন্তী উপলক্ষে  দক্ষিন গাওঁস্থিত টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ত এখনি ড্ৰাগছ্ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা অনুস্থিত হোৱাৰ লগতে  এক প্ৰতিবাদী শোভাযাত্ৰা  কাৰ্যসূচী উলিওৱা হয় ।

পুৱা আঠ বজাত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ তথা স্থানীয় শতাধিক ৰাইজৰ উপস্থিতিত  গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে। 

অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী চায়েৰা বেগম বৰভূঞা, বিশিষ্ট সমাজকৰ্মী বসন্ত কুমাৰ শৰ্মাৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি জাতিৰ পিতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে আৰম্ভ হয় ড্ৰাগছ সেৱন বিৰোধী সজাগতা শোভাযাত্ৰা । এই কাৰ্যসূচী ফ্লেগ অফ কৰি সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে ড্ৰাগছ সেৱনৰ বিভিন্ন অপকাৰী দিশসমূহৰ ওপৰত আলোকপাত কৰে।

ড্ৰাগছ সেৱন বিৰোধী সজাগতা শোভাযাত্ৰাটোত দক্ষিণ গাঁও অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে অংশ গ্ৰহণ কৰে ।

শোভাযাত্ৰাটোত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে ‘নিচাযুক্ত দ্ৰব্য বন্ধ কৰক,আমাৰ সমাজ সুস্থ ৰাখক’,’ড্ৰাগছৰ বেপাৰ ৰোধ কৰক,সুস্থ সমাজ গঢ়ি তোলক’ আদি ধ্বনি দি সমগ্ৰ দক্ষিন গাঁও অঞ্চল কপাঁই তোলে। এই শোভাযাত্ৰা দক্ষিন গাঁও তিনি আলিৰ পৰা ভূতত্ব আৰু খনিজ বিভাগৰ কাৰ্যালয়, গনেশ মন্দিৰ হৈ ঘূৰি আহি পুনৰ দক্ষিণ গাঁও তিনি আলিত উপস্থিত হৈ টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত উপস্থিত হয়।

লঘু আহাৰ গ্ৰহণৰ পিছতে আৰম্ভ হয় ড্ৰাগছ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা। সজাগতা সভাত অংশ গ্ৰহণ কৰে শিক্ষক তথা শিক্ষা বিভাগৰ সমল কেন্দ্ৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মা, সমাজকৰ্মী  চায়েৰা   বেগম বৰভূঞা, কল্যাণী কলিতা, ভাস্কৰণ গোহাঁই, প্ৰদীপ কলিতা, প্ৰধান শিক্ষয়িত্ৰী ধনমনি বৰুৱা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

সভাত  মুখ্যবক্তা হিচাপে বক্তৃতা প্ৰদান কৰি ৰামেশ্বৰ শৰ্মাই মহাত্মা গান্ধীয়ে দেশৰ স্বাধীনতা আন্দোলন আগুৱাই নিয়াৰ সমান্তৰালভাৱে কিদৰে কানি বিৰোধী আন্দোলনকো মাত্ৰা প্ৰদান কৰিছিল তাৰ ওপৰত বক্তব্য ৰাখে।

অনুপম ‘জীৱন’ৰ উপদেষ্টা বসন্ত কুমাৰ শৰ্মাই আঁত ধৰা অনুস্থানটোত বিশিষ্ট সমাজকৰ্মী চায়েৰা বেগম বৰভূঞাই ছাত্ৰ ছাত্ৰীক  সু-চৰিত্ৰ গঠনৰ বাবে পৰামৰ্শ দিয়াৰ লগতে নিচা জাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। সভাত প্ৰদীপ কলিতা আৰু ভস্কৰণ গোহাঁয়েও দুআষাৰ বক্তব্য ৰাখে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd