সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো ধঁপাত বিৰোধী দিৱস পালন

IMG-20190531-WA0001

শিৱসাগৰত ধঁপাত বিৰোধী দিৱস পালন

সমগ্ৰ বিশ্বৰ লগতে আজি শিৱসাগৰতো ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ সৌজন্যত আজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ প্ৰাঙ্গনত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে ৰাতিপুৱা ১০ বজাত নগৰৰ মাজমজিয়াত এক ধঁপাত বিৰোধী সজাগতা ৰেলী উলিওৱা হয়। শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ দ্বাৰা উলিওৱা এই সজাগতা ৰেলীত বহু কেইগৰাকী চিকিৎসক, স্বাস্থ্য কৰ্মী, নাৰ্চৰ লগতে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

তাৰোপৰি,  ‘খোজ’ নামৰ  এটা বে-চৰকাৰী সংস্থাৰ বেনাৰত জিলা  ধঁপাত নিয়ন্ত্ৰণ কোষে  দৌলমুখ চাৰিআলিত বাটৰ নাট পৰিবেশন কৰে। বাটৰ নাটৰ জৰিয়তে ধঁপাতযুক্ত সামগ্ৰী সেৱন আৰু ভক্ষণৰ ফলত হব পৰা বিভিন্ন ৰোগৰ পৰিণতিৰ বিষয়ে ৰাইজক সচেতন কৰি তোলাৰ চেষ্টা কৰা হয়।

আনহাতে, ব্ৰহ্মপুত্ৰ ভেলী স্কুলৰ তৰফৰ পৰাও আজি ক্ৰমাগত তৃতীয় বছৰৰ বাবে ধঁপাত বিৰোধী  সজাগতা ৰেলী উলিওৱা হয়। শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ধঁপাত বিৰোধী ৰেলী দৌলমুখ চাৰিআলিৰে পাৰ হৈ এ এচ টি চি তিনিআলিহৈ ষ্ট্যেচন চাৰিআলিত সমাপ্ত হয়।

উক্ত ৰেলীত বিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ধঁপাত বিৰোধী বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰি জনসাধাৰণক ধূমপান সেৱনৰ ভয়াবহতাৰ বিষয়ে সজাগ কৰিবৰ বাবে চেষ্টা কৰে।