বাংলাদেশৰ যুৱকৰ সৈতে ২৫ নৱেম্বৰত আলফা নেতা অনুপ চেতিয়াৰ কন্যাৰ বিয়া

প্ৰায় ২৮ বছৰ ধৰি বাংলাদেশত কটোৱা আলফা নেতা অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱা (২৭)ৰ বিয়াৰ দিন ঠিক হৈছে। ২৫ নৱেম্বৰত ধুমধামেৰে অনুষ্ঠিত হ’ব বিয়া। বন্যা বৰুৱাৰ দৰা হৈছে বাংলাদেশৰ এগৰাকী যুৱক। বাংলাদেশৰ কুমিল্লাৰ অনিৰ্বাণ চৌধুৰী (৩০)ৰ সৈতে বন্যা বিবাহপাশত আবদ্ধ হ’ব।

এই কথা সংবাদমাধ্যমক জনাইছে খোদ অনুপ চেতিয়াই।জানিব পৰা মতে ২৫ নৱেম্বৰত মেলবৰ্ণৰ ইস্কন মন্দিৰত অনুষ্ঠিত হ’ব চেতিয়াৰ কন্যাৰ বিয়া। অনিৰ্বাণ চৌধুৰীৰ ঘৰ বাংলাদেশৰ কুমিল্লাত যদিও তেওঁ বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত থাকে। ঢাকাৰ ধানমণ্ডিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলত পঢ়ি থাকোতে বন্যাৰ সৈতে অনিৰ্বাণৰ চিনাকী হৈছিল আৰু তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।

২৮ বছৰ ধৰি বাংলাদেশত থকা অনুপ চেতিয়াক ১৯৯৭ চনৰ ২১ ডিচেম্বৰত আৰক্ষীয়ে ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। অবৈধভাৱে বাংলাদেশত থকা আৰু ছেটেলাইট ফোন লগত ৰখাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

আদালতে তেওঁক তিনিটা গোচৰত ক্ৰমান্বয়ে তিনি, চাৰি আৰু সাত বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল। ২০০৪ চনত তেওঁৰ শাস্তিৰ ম্যাদ উকলি যায়। কিন্তু ইয়াৰ পিছতো তেওঁ বন্দী হৈয়েই থাকে । চেতিয়াক ২০১৫ চনৰ ১২ নৱেম্বৰত বাংলাদেশে কাশিমপুৰ কাৰাগাৰৰ পৰা ভাৰতক গতাই দিয়ে । তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ সৈতে আলফাৰ শান্তি আলোচনাক আগুৱাই লৈ গৈ আছে।