NORTHEAST NOW (Assamese)

বলিউডৰ চিনেমা নিৰ্মাতাক লাগে মোদীয়ে “entire political science”-ত লোৱা ডিগ্ৰীৰ প্ৰমাণ

January 11, 2020 9:29 pm · এন ই নাও নিউজ

“entire political science” নামৰ এটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱা বুলি মাজে মাজে দাবী কৰি অহা প্ৰধান মন্ত্ৰী মোদীক প্ৰমাণ পত্ৰ দেখুৱাবলৈ প্ৰত্যাহ্বান জনাইছে বলিউডৰ চিনেমা নিৰ্মাতা অনুৰাগ কাশ্যপে।

CAA-ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কাশ্যপে আজি টুইটাৰত এটা বিশেষ টুইট কৰি মোদীক মুকলিকৈ এই প্ৰত্যাহ্বান আগ বঢ়াইছে।

“আমাৰ ওপৰত CAA আৰোপ কৰা প্ৰধান মন্ত্ৰীয়ে প্ৰথমে মোক “entire political science” ডিগ্ৰী দেখাওক। প্ৰথমে মোদীয়ে পঢ়া-লিখা মানুহ বুলি প্ৰমাণ কৰক। তাৰ পিছতহে কথা পাতিম”, টুইটটোত কাশ্যপে লিখে।

কেৱল সেয়াই নহয়, মোদীক দেশবাসীক তেওঁৰ জন্মৰ প্ৰমাণ পত্ৰ আৰু লগতে দেউতাকৰ জন্মৰ প্ৰমাণ পত্ৰও দেখুৱাবলৈ প্ৰত্যাহ্বান জনাই চিনেমা নিৰ্মাতাগৰাকীয়ে কয়, “তাৰ পাছতহে আমাৰ বিচাৰিবা”।

CAA-ৰ বিৰোধিতাত দিয়া পোষ্টটোত কাশ্যপে #fuckCAA হেছটেগ ব্যৱহাৰ কৰে।

তেওঁ নাগৰিকত্ব (সংশোধন) আইনখনক বিমুদ্ৰাকৰণৰ সৈতেও ৰিজনি কৰি মন্তব্য কৰে।

উল্লেখযোগ্য যে হাজাৰ প্ৰতিবাদ সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে এখন অধিসূচনাযোগে নাগৰিকত্ব (সংশোধন) আইনখন ১০ জানুৱাৰিৰ পৰা বলৱৎ কৰে।

অভিনেত্ৰী স্বাৰা ভাস্কৰেও আইনখনৰ বলৱৎকৰণৰ বিৰোধিতাত প্ৰতিবাদ কৰে আৰু এই দিনটোক “ভাৰতৰ ক’লা দিন” আখ্যা দিছে।

Related News