বিবাহিত পৰিচালকৰ সৈতে প্ৰেমত পৰিছে বাহুবলীৰ ‘দেবসেনা’ অনুষ্কা ছেট্টী, বহিব বিয়াত!
বাহুবলী চলচ্চিত্ৰখনৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী অনুষ্কা ছেট্টীৰ অভিনেতা প্ৰভাসৰ সৈতে সম্পৰ্ক তথা বিয়াৰ খৱৰে বাতৰিৰ শিৰোণাম দখল কৰিছিল।
প্ৰভাস আৰু অনুষ্কাই দুয়ো ইজনে-সিজনৰ ভাল বন্ধু বুলি কৈ আহিছে। সম্প্ৰতি দক্ষিণৰ অভিনেত্ৰী অনুষ্কাৰ বিবাহক লৈ ডাঙৰ খবৰ বিয়পি পৰিছে।
খৱৰ অনুসৰি, অনুষ্কাই খ্যাতনামা পৰিচালক কে ৰাঘৱেন্দ্ৰৰ পুত্ৰ প্ৰকাশ কোবলামুডীৰ সৈতে বিয়াত বহিব পাৰে।
অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনক লৈ মনে মনে আছে।
প্ৰকাশ কোবলামুডীৰ প্ৰথম বিবাহ লেখিকা কনিকা ঢিলনৰ সৈতে হৈছিল। ২০১৪ চনত বিয়া হোৱা দুয়ো অৱশ্যে এতিয়া পৃথক হৈছে। কিন্তু দুয়োজনে বিচ্ছেদ হোৱাৰ কোনো তথ্য নাই।
যোৱা বছৰ দুয়োৱে সংবাদ মাধ্যমৰ আগত পৃথক হোৱাৰ কথা সদৰী কৰিছিল। কনিকাই এক বিবৃতিত কৈছিল যে তেওঁ দুবছৰ পূৰ্বে প্ৰকাশৰ সৈতে পৃথক হৈছিল।
প্ৰকাশে কংগনা ৰানাৱট অভিনীত ‘জাজমেন্টেল হ্যে ক্যা’ৰ পৰিচালনাৰ জৰিয়তে হলীউদত খোজ দিছিল। ছবিখন যোৱাবছৰ মুক্তি লাভ কৰিছিল আৰু কনিকা ছবিখনৰ ৰচনাকাৰ আছিল।
দুয়ো পৃথক হ’লেও তেওঁলোকৰ মাজত এতিয়াও বন্ধুত্ব অটুট আছে।
বাতৰি অনুসৰি, ‘চাইজ জিৰ’ ছবিখনৰ শ্বুটিঙৰ সময়ত প্ৰকাশ আৰু অনুষ্কাৰ সাক্ষাৎ হৈছিল।
অনুষ্কা ছেট্টী সম্পৰ্কত ওলোৱা এই খৱৰ কিমান সত্য সেয়া এতিয়াও স্পষ্ট হৈ পৰা নাই আৰু অনুষ্কা এইক্ষেত্ৰত একেবাৰে মৌন হৈ আছে।