ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয় সমূহত শিক্ষক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে বিগত ১৯ জানুৱাৰিত অনুষ্ঠিত কৰা হাইস্কুল টেট পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ ৪ মাৰ্চত ঘোষণা কৰা হ’ব।
ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি টুইটাৰত কাইলৈ হাইস্কুল টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰে।
‘‘কাইলৈ(৪.৩.২০২০) ছেকেণ্ডাৰী টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব আৰু পৰীক্ষাৰ ফলাফল এছ এছ এ-ৰ ৱেবচাইটত উপলব্ধ হ’ব,’’ মন্ত্ৰী শৰ্মাই টুইটাৰত লিখে।
Tommrw (4.3.2020)result of secondary TET will be announced which will be available at SSA website
— Himanta Biswa Sarma (@himantabiswa) March 3, 2020
যিসকল পৰীক্ষাৰ্থীয়ে হাইস্কুল টেট পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে সৰ্বশিক্ষা অভিযানৰ ৱেবচাইটলৈ গৈ ফলাফল সমূহ চাব পাৰিব।
উল্লেখযোগ্য যে, ২০২০ চনৰ ১৯ জানুৱাৰিত অনুষ্ঠিত হোৱা হাইস্কুল টেট পৰীক্ষা পূৰ্বে ২০১৯ চনৰ ২২ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু ৰাজ্যত ‘কা’ বিৰোধী প্ৰতিবাদৰ বাবে এই পৰীক্ষা ১৯ জানুৱাৰিলৈ পিছুৱাই দিয়া হৈছিল।





