NORTHEAST NOW (Assamese)

অনুসূচীত জাতি কল্যাণ সঞ্চালকালয় কাৰ্যালয় ঘেৰাও অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ

October 22, 2019 3:43 pm · কল্পজ্যোতি শইকীয়া
Updated: October 22, 2019 3:45 pm

অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে মঙলবাৰে তেওঁলোকৰ বিভিন্ন দাবীত গুৱাহাটীৰ সৰুমতৰীয়াস্থিত অনুসূচীত জাতি কল্যাণ সঞ্চালকালয় কাৰ্যালয় ঘেৰাও কৰে।

সংগঠটোৰ শতাধিক সদস্যই অনুসূচীত জাতি ছাত্ৰ-ছাত্ৰীৰ জলপানী নিয়মীয়া কৰাৰ লগতে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যাল পর্যায়ৰলৈকে ২০১৪-১৫ বৰ্ষৰ পৰা বন্ধ হৈ থকা জলপানী শীঘ্ৰে মোকোলাই দিবলৈ দাবী জনায়।

প্ৰতিবাদস্থলীত সংগঠনটোৰ সভাপতি ৰুবুল দাসে সংৰক্ষিত আসনত প্ৰতিনিধিত্ব কৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অনুসূচীত জাতি উন্নয়ন ব্ৰহ্মা চন্দন ব্ৰহ্মই অনুসূচীত জাতিক লৈ কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে।

তদুপৰি সঞ্চালকালয় কাৰ্যালয়টো দুৰ্নীতি ঘটিত পৰিণত হোৱা বুলিও গুৰুতৰ অভিযোগ তোলে সংগঠনটোৰ সভাপতি গৰাকীয়ে।

আজি দুপৰীয়া ১২ বাজি পাৰ হৈ যোৱাৰ পাছতো কাৰ্যালয়টোত সঞ্চালক উপস্থিত নোহোৱাত সংগঠনটো সদস্যসকল ক্ষুন্ন হৈ পৰাৰ লগতে কাৰ্যালয়ত সঞ্চালক উপস্থিত নোহোৱা পৰ্যন্ত অৱিৰতভাৱে ধৰ্ণা কাৰ্যসূচী চলাই নিব বুলি হুংকাৰ দিয়ে।

Related News