সৰ্বানন্দ সোণোৱাল ‘জাতীয় নায়ক’ নহয়, ‘জাতীয় আপদ’তহে পৰিণত হৈছে : কংগ্ৰেছৰ কটাক্ষ

Sarbananda-Sonowal-Assam-CM-750x375

‘অসমৰ ‘জাতীয় নায়ক’ আখ্যা লাভ কৰা সৰ্বানন্দ সোণোৱাল ৰাইজৰ বিপুল সমৰ্থনত মুখ্য মন্ত্ৰী আসনত অধিষ্ঠিত হ’ল যদিও তেওঁ নিজৰ কৰ্মকাণ্ডৰ দ্বাৰা এতিয়া ‘জাতীয় আপদ’লৈ পৰিণত হৈছে।” এই কটাক্ষভৰা মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ।

আজি এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় যে মুখ্য মন্ত্ৰী সোণোৱালৰ সোপাঢিলা আৰু অনভিজ্ঞ প্ৰশাসন চলোৱাৰ ধৰণ-কৰণ দেখি তেওঁৰ নামঘৰৰ নামঘৰীয়াৰ দায়িত্ব পালনৰ সামৰ্থ্য নাই যেন অনুভৱ হয়।

শেহতীয়াভাৱে তিনিচুকীয়াৰ ধলাত সংঘটিত নাৰকীয় কাণ্ডৰ প্ৰসংগেৰে বিবৃতিখনত কোঁৱৰে মুখ্য মন্ত্ৰীজনৰ অকৰ্মণ্যতাৰ বাবেই ৰাজ্যত এনে সংঘাতময় পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি কয়। লগতে এই ঘটনাৰ বাবে আটাইটকৈ দায়ী ব্যক্তিজনেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বুলি মন্তব্য কৰে।

কিন্তু সোণোৱালে নিজৰ চৰম ব্যৰ্থতা আৰু হঠকাৰিতা ঢাকিবৰ বাবে সংবাদ মাধ্যমলৈ ৰঙা চকু দেখুৱাই নিজে দায় সাৰিবলৈ চেষ্টা চলোৱা বুলিও অভিহিত কৰে। লগতে বিবৃতিযোগে মুখ্য মন্ত্ৰীৰ এই কাৰ্যক প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা গৰিহণা দিয়ে।

“এজন মুখ্য মন্ত্ৰী তথা ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বী হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব নোৱৰা বাবেহে ৰাজ্যখনত এক সংঘাতময় আৰু আৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজৰ অকৰ্মণ্যতা আৰু দুৰ্বলতা ঢাকিবৰ বাবেই আনৰ গালৈ দোষ ঠেলি দায় সাৰিব বিচৰাটো অতি হাস্যকৰ”, বিবৃতিটোত এইদৰে উল্লেখ কৰে।

লগতে পৰোচনামূলক মন্তব্য দি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেব, সুকুমাৰ বিশ্বাস এণ্ড কোম্পানী, মৃণাল হাজৰিকা, জিতেন দত্ত, প্ৰদীপ দত্ত আদিসকল আজিৰ পৰিস্থিতিৰ বাবে যিমান দায়ী মুখ্য মন্ত্ৰী সোণোৱাল তাতকৈ কোনোগুণে কম নহয় বুলিও বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছে মন্তব্য কৰে।