NORTHEAST NOW (Assamese)

নাও বুৰিলেও টিঙৰ পৰা ননমা ৰিপুন বৰাৰ দাবী : ‘বিটিচিত আমি আগতকৈ সফল হৈছো’

December 22, 2020 6:04 pm · কল্পজ্যোতি শইকীয়া

নাও বুৰিলেও যেন টিঙৰ পৰা নানামে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। বিটিচি পৰিষদীয় নিৰ্বাচন আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খোৱা কংগ্ৰেছে বিটিচিত পূৰ্বৰ তুলনাত সফল হোৱা বুলিহে সংবাদমেল যোগে দাবী কৰে সভাপতি বৰাই।

আনকি সংবাদ মাধ্যম আৰু কোনো কোনো জনসাধাৰণেহে কংগ্ৰেছৰ বিফল হোৱা বুলি ক’ব বিচাৰে বুলি দাম্ভিকতাৰে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত বৰাই দাবী কৰি কয় ‘যদিও সংবাদ মাধ্যমে আমাৰ ফলাফল বেয়া কৈছে তথাপি দেখাত হয় যে আমি আসন পোৱা নাই আমি বেয়া। কিন্তু বিটিচিত আমি পূৰ্বতকৈ সফল হৈছো। ২০ বছৰ তাত কংগ্ৰেছ নাছিল। কংগ্ৰেছৰ হাতৰ চিহ্ন তাত হেৰাই গৈছিল আৰু পতাকা নাছিল। এতিয়া বিটিচিত কংগ্ৰেছক জীয়াই তুলিবলৈ সক্ষম হৈছো।‘

ইপিনে, কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা বিটিচিৰ একমাত্ৰ জয়ী পাৰিষদজন ৪০ টা সমষ্টিৰ ভিতৰতে অধিক ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি বৰাই দাবী কৰি লগতে কয় ‘প্ৰত্যেকটো সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থীয়ে কমে ২০০০ আৰু সৰ্বাধিক ১১ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।‘

‘বিটিচিত‘২১ত চাৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছ নিজেই জিকিব পৰা অৱস্থাত আছো। গোসাইগাঁও, পশ্চিম কোকৰাঝাৰ, কলাইগাঁও আৰু মাজবাট।‘ আকাশত চাঙ পাতি ৰিপুন বৰাই এইদৰে কয়।

আনহাতে, একেখন সংবাদমেলতে অজন্তা নেওগৰ বিজেপি গমনৰ চৰ্চা সন্দৰ্ভত তেওঁক সোধাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘গৌতম ৰয়কো জোৰ জবৰদস্তি বিজেপিলৈ নিছে। অনথ্যা তেওঁ জেইলত থাকিবলগীয়া হ’লহেঁতেন। এইধৰণৰ ভয়-ভাবুকিৰে কিছুমান কংগ্ৰেছ নেতাক বিজেপিলৈ নিয়াৰ চেষ্টা কৰিছে।‘

বৰাই লগতে কয় ‘ৰ’জলিনা তিৰ্কীৰ লগত ব্যক্তিগতভাৱে কথা পাতিছো তেতিয়া তেওঁ বিজেপিলৈ নাযাওঁ বুলি স্পষ্ট কৰি দিছে। অজন্তা নেওগক ভয়-ভাবুকি দেখুৱাইছে বিজেপিয়ে যাতে তেওঁ বিজেপিলৈ যায়। তেওঁক বিজেপিয়ে ব্লেক মেইলিঙ কৰিছে। যোৱা ৯ ডিচেম্বৰলৈকে কংগ্ৰেছৰ তত্বাবধায়কৰ সৈতে মই ঘৰলৈ যাওঁতে কোনো কাৰণতে বিজেপিত নাযায় বুলি স্পষ্ট কৰি দিছিল। বাহিৰৰ মানুহৰ পৰা শুনিছো বিজেপিৰ পৰা তেওঁৰ ওপৰত যথেষ্ট হেঁচা পৰিছে।’

Related News