‘বিজেপিৰ হেঁচাত কাম কৰি আহিছে নিৰ্বাচন আয়োগে’ : বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

'১০০+ আসন লৈ মহাজোঁটে অসমত চৰকাৰ গঠন কৰিব' : কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ দাবী

Assam Govt. has failed in tackling coronavirus: Congress

দ্বিতীয় পৰ্যায়ত ইভিএমৰ বিসংগতিৰ অভিযোগ দিয়াৰ পিছত নিৰ্বাচনী আয়োগে কথা দিছিল যে তৃতীয় পৰ্যায়ত বিংসগতি নহয়, কিন্তু তাৰ পিছতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ইভিএমৰ বিসংগতি হ’ল। এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

ষ্ট্ৰংৰূমত ৰূমত চিচিটিভিৰ লিংক প্ৰাৰ্থীসকলক দিবলৈ আহ্বান কৰি সভাপতি বৰাই নিৰ্বাচনী আয়োগে বিজেপি চৰকাৰৰ হেঁচাত কাম কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰি এই কাৰ্যৰ ধিক্কাৰ দিছে।

বিভিন্ন বিসংগতি সম্পৰ্কে নিৰ্বাচনী আয়োগক অভিযোগ দিয়াৰ পিছতো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি অভিযোগ কৰি সভাপতি বৰাই কয়ে যে নিৰ্বাচনী আয়োগে এই সন্দৰ্ভত অসমৰ ৰাইজক যুক্তিসংগত স্পষ্টীকৰণ দিব লাগে।

বিজেপিয়ে পৰাজিত হোৱাতো স্পষ্ট হৈ পৰিছে আৰু  তাৰ হেঁচাতেই নিৰ্বাচন আয়োগে এইবোৰ এইবোৰ কৰি আছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে ষ্ট্ৰং ৰূমত ৰাজনৈতিক দলক নিজাববীয়াকৈ চিচিটিভি কেমেৰা লগাবলৈ অনুমতি দিব লাগে।

ইফালে এই সন্দৰ্ভত যোৱা ২৮ তাৰিখে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা চিঠিৰ কোনো প্ৰত্যুত্তৰ পোৱা নাই বুলিও সদৰী কৰিছে সভাপতি বৰাই।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰত্যেকগৰাকী প্ৰাৰ্থীকে ষ্ট্ৰং ৰূমত থকা চিচিটিভি কেমেৰাৰ লিংক দিব লাগে বুলিও দাবী কৰে সভাপতি বৰাই। যাতে প্ৰতিজন প্ৰাৰ্থীয়ে ষ্ট্ৰংৰূম নিৰীক্ষণ কৰি থাকিব পাৰে।

বিজেপি চৰকাৰৰ ওপৰ আমাৰ ভৰসা নাই বুলি উল্লেখ কৰি ৪ এপ্ৰিলত মহাজোঁটৰ সকলো প্ৰাৰ্থীকে ষ্ট্ৰংৰূমত ২৪ ঘণ্টা পহৰা দিয়াৰ বাবে মানুহ নিয়োজিত কৰিবলৈ জনোৱা হৈছে সদৰী কৰিছে সভাপতি বৰাই। আনহাতে ৰাইজকো এই ক্ষেত্ৰত সদা সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে সভাপতি বৰাই।

“তিনিটা পৰ্যায়ৰ ভোট গ্ৰহণ হৈ যোৱাৰ পিছত আমি বিশ্লেষণ কৰিছোঁ, মহাজোঁটে চৰকাৰ গঠন কৰিব লগতে তিনিটা পৰ্যায়ত আমি স্বুইপ কৰিম।” সভাপতি বৰাই কয়।

ইফালে শিখা শৰ্মাক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ খুলি ৰিপুণ বৰাই প্ৰশ্ন কৰে, “বিজেপিৰ সমৰ্থকে গণধৰ্ষণ কৰিব বুলি social media ত ভাইৰেল কৰিছে গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কিয় কৰা হোৱা নাই? পীযুষ হাজৰিকাক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই?”

ৰাতাবাৰী সমষ্টিত বিধায়কৰ গাড়ীত ইভিএম ধৰা পৰাৰ পিছতো কিয় কোনো পদক্ষেপ লোৱা নাই বুলিও প্ৰশ্ন কৰে সভাপতি বৰাই।

পূৱ গুৱাহাটীৰ প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমৰ্থকে ভোট গ্ৰহণ কেন্দ্ৰত লিফলেট বিতৰণ কৰি আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ বৰণ কৰাৰ ঘটনাত বিধায়কজনে লোৱা ভূমিকাকো তীব্ৰ গৰিহণা দিয়ে কংগ্ৰেছে।

ইফালে মহাজোঁটে বিজেপিতকৈ অধিক আসন লাভ কৰাই নহয়, ১০০+ আসন লাভ কৰি চৰকাৰ গঠন কৰিম বুলিও দাবী কৰিছে সভাপতি বৰাই।

আনহাতে অজাপ আৰু ৰাইজৰ দল আদি সকলো বিজেপি বিৰোধী দলকে মহাজোঁটৰ সৈতে চামিল হৈ বিজেপি বিৰোধী শক্তি বৃদ্ধি কৰিঊব লাগে বুলিও সভাপতি বৰাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

কংগ্ৰেছৰ এটা দলে শ্বহীদৰ খবৰ ল’বলৈ গছিল যদিও চৰকাৰে দলটোক তাত প্ৰৱেশত বাধা প্ৰদান কৰিছে বুলিও দাবী কৰিছে বৰাই।