NORTHEAST NOW (Assamese)

বিজেপি চৰকাৰে এপিএছচিৰ পক্ষপাতিত্বমূলক তদন্ত কৰাৰ অভিযোগ ৰিপুণ বৰাৰ

July 1, 2021 7:49 pm · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

এপিএছচিৰ তদন্ত নিৰপেক্ষভাৱে হোৱা নাই। পক্ষপাতিত্বমূলকভাৱে এপিএছ চিৰ তদন্ত কৰিছে বিজেপি চৰকাৰে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

বৃহস্পতিবাৰে হঠাৎ গোলাঘাটত উপস্থিত হৈ এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

এপিএছচিৰৰ তদন্তৰ সময়ছোৱাত মঙ্গলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ পৰিয়ালৰ পাঁচজন লোকক তদন্তৰ আঁওতাত অনা হোৱা নাছিল। এই বিষয়টো সেইসময়ত ওলাইছিল যদিও বিজেপি চৰকাৰে পক্ষপাতিত্বমূলকভাৱে তদন্ত কৰিছে।

ইয়াৰ উপৰিও চৰকাৰে বিনা দোষত অখিল গগৈক কাৰাবন্দী কৰাৰ বাবে অসমবাসীৰ ওচৰত চৰকাৰক ক্ষমা বিচাৰিবলৈ দাবী কৰে বৰাই।

অখিল গগৈৰ বিৰুদ্ধে কোনোধৰণৰ তথ্য প্ৰমাণ নথকাকৈ বিনা কাৰণত ডেৰবছৰ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ বাবে নিয়া (NIA), কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ধিক্কাৰ জনায় ৰিপুণ বৰাই।

Related News