DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজ্ঞানৰ চমক! পুৰুষ বন্ধ্যাত্ব দূৰ কৰাৰ ক্ষেত্ৰত নতুন দিশৰ সন্ধান লাভ কৰিছে বিজ্ঞানীসকলে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2021 7:26 pm
male infertility
332
VIEWS
Share on FacebookShare on Twitter

বিবাহৰ পাছত কোনো দম্পতিয়ে সন্তানৰ মুখ নেদেখিলে সাধাৰণতে নাৰীগৰাকীকে দোষ জাপি দিয়া হয় যদিও পুৰুষৰ শৰীৰতো অক্ষমতাৰ কাৰণ থাকে। পুৰুষৰ শৰীৰত দেখা দিয়া অক্ষমতাই হৈছে পুৰুষ বন্ধ্যাত্ব।

আধুনিক চিকিৎসাৰ সহায় লৈও বহুতেই সফল হ’ব পৰা নাই বা ভৱিষ্যতেও কোনো সম্ভাৱনা নাই এনে ঘটনাও দেখা যায়।

পুৰুষ বন্ধ্যাত্ব নতুন কথা নহয় আৰু সন্তানহীনতাৰ ক্ষেত্ৰত পুৰুষ বা নাৰী দুয়োগৰাকীয়েই যে বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে সেয়া চিকিৎসা বিজ্ঞানে প্ৰমান কৰিছে।

শেহতীয়াকৈ পুৰুষৰ বন্ধ্যাত্বকলৈ নতুন দিশৰ সন্ধান লাভ কৰিছে ট’লেডো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে। তেওঁলোকে শুক্ৰাণুৰ নতুন গতিবিধি পৰীক্ষা কৰি পুৰুষৰ বন্ধ্যাত্বৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে।

প্ৰসিদ্ধ নেচাৰ পত্ৰিকাত প্ৰকাশ পোৱা তেওঁলোকৰ গৱেষণা পত্ৰত প্ৰকাশ পাইছে যে শুক্ৰাণুৰ মূৰ আৰু নেজৰ সংযোগস্থল বা ছেন্ট্ৰ’লটিৰ গতি কৃত্ৰিমভাৱে বৃদ্ধি কৰি নেজৰ গতি বৃদ্ধি কৰিব পাৰি।

গৱেষকসকলৰ দাবী শুক্ৰাণু বা স্পাৰ্মৰ ছেন্ট্ৰ’লটি প্ৰধানকৈ স্থিৰ প্ৰকৃতিৰ। তাত গতি অনাটো এক ডাঙৰ আৱিষ্কাৰ। যদি এইটো নিয়মিতভাৱে লৰচৰ কৰে তেতিয়াহ’লে শুক্ৰাণুৰ গতি বৃদ্ধি পাব আৰু ইয়াৰ সক্ৰিয়তাও বাঢ়িব।

সেইদৰেই দ্ৰুত গতিসম্পন্ন শুক্ৰাণু নাৰী দেহৰ ডিম্বাণুৰ সৈতে নিষিক্ত হোৱাত আৰু অধিক সক্ৰিয় হ’ব। ইয়াৰ ফলত পুৰুষসকলে বন্ধ্যাত্বৰ সমস্যাৰ পৰা মুক্তি পাব। আনকি গৰ্ভপাত তথা জন্মগত থ্ৰুটীৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

ছেন্ট্ৰ’লটিৰ এই নতুন গতিৰ নাম হৈছে ‘অপটিক্যেল ছেন্ট্ৰিঅ’ল’।

গুৰুত্বপূৰ্ণ কথা হ’ল শুক্ৰাণুৰ মূৰ আৰু নেজ যদি একেই গতিত লৰচৰ নকৰে তেতিয়া সেইটো উৰ্বৰ ডিম্বাণুৰ কাষত সঠিক সময়ত গৈ পাব নোৱাৰে। সেইক্ষেত্ৰত ছেন্ট্ৰ’লটি ত্ৰুটীপূৰ্ণ হয়। সেই ছেন্ট্ৰ’লটিকে কৃত্ৰিমভাৱে গতি দিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে।

শুক্ৰাণুৰ এই যি অক্ষমতাৰ কাৰণে পুৰুষ বন্ধ্যাত্ব দেখা যায় তাত বিজ্ঞানীসকলৰ এই নতুন আৱিষ্কাৰে পুৰুষৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান আনিব বুলি আশা কৰা হৈছে। বিজ্ঞানীসকলৰ এই নতুন আৱিষ্কাৰে আধুনিক বিশ্বক নতুন পথৰ সন্ধান দিব বুলি কোৱা হৈছে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd