DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্ৰোহী হৈ জে’লত সোমাই বিধায়ক হৈ ওলাই আহিল অখিল গগৈ; মুকলি হৈয়ে ঘটালে বিস্ফোৰণ!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2021 8:42 pm
Akhil Gogoi

ফাইল ফটো

452
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুক্ত হৈ আয়োজন কৰা এখন সংবাদমেলত বহু বিস্ফোৰণ ঘটালে কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে ক’লে, ‘’মই কাৰাগাৰত নথকা হ’লে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন। সাহস থকা হ’লে চৰকাৰে মোক বাহিৰত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিছিল।’’

কা-আন্দোলনৰ বাবে জে’ললৈ যাৱলগীয়া হোৱা অখিল গগৈয়ে কা আন্দোলন সন্দৰ্ভত মন্তব্য কৰি কয় যে পৃথিৱীৰ ইতিহাসত হয়তো এনেকুৱা আন্দোলন হোৱা নাছিল।

চৰকাৰে সংগঠনসমূহ আৰু সাধাৰণ ৰাইজৰ মাজত বিভেদ আনি ‘কা’ আন্দোলন স্থগিত কৰাৰো অভিযোগ আনিলে। জাতীয় সংগঠনসমূহে চৰকাৰৰ চক্ৰান্তত ভৰি দিলে বুলিও উল্লেখ কৰি গগৈয়ে কয় যে জাতীয় সংগঠনে অসমীয়া জাতিক কৰা  বিশ্বাসঘাতকতাৰ বাবেই ‘কা’ আন্দোলন ব্যৰ্থ হ’ল।

‘‘মোক গুলীয়াবলৈ কেন্দ্ৰৰ পৰা নিৰ্দেশ আহিছিল। উপায়বিহীন হৈ মই গ্ৰেপ্তাবৰণ কৰিবলৈ বাধ্য হ’লো। জে’লত মোক তিল তিলকৈ শাস্তি দিছিল। আৰএছএছত যোগদান কৰিলে মোক ১০ দিনৰ ভিতৰত মুকলি কৰি দিয়াৰ কথা কোৱা হৈছিল।‘’ এইদৰেই চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিলে অখিল গগৈয়ে।

বিধানসভাত প্ৰতিটো মিছা কথাৰ মুখ খোলাৰ সংকল্পৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ বাবে মাত মতাৰ লগতে ‘কা’ বাতিল কৰাৰ অংগীকাৰো দোহাৰে।

বৃহৎ নদীবান্ধ বন্ধ কৰিব লাগিব বুলি দোহাৰি গগৈয়ে ছিণ্ডিকেট বন্ধ কৰাৰো হুংকাৰ দিয়ে। তেওঁ বিজেপিয়ে কয়লা, চুপাৰি, কণী, মাছৰ ছিণ্ডিকেট চলাই থকা বুলি গুৰুতৰ অভিযোগ আনে। তেওঁ টোলগে’টসমূহো লাহে লাহে বন্ধ কৰাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে।

আনহাতে, লকডাউনত ক্ষতিগ্ৰস্ত সকলোকে ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনায় বিধায়কগৰাকীয়ে।

ইপিনে, এপিএছচি কেলেংকাৰীৰ তদন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তদন্তৰ আওতালৈ অনাৰ দাবী কৰে অখিল গগৈয়ে।

Recent News

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd