চহিদ ঈশ্বৰ নায়কক শ্ৰদ্ধাঞ্জলি ৰিপুন বৰাৰ; পৰিয়ালক ৫০ হাজাৰ টকাৰ সাহায্য

768-512-5407130-thumbnail-3x2-ri-2

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হোৱা ওদালগুৰিৰ মাজুলী চাহ বাগিচাৰ ঈশ্বৰ নায়কৰ ঘৰত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ এটা বৃহৎ প্ৰতিনিধি দল উপস্থিত হয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত যোৱা দলটোত সাধাৰণ সম্পাদক দুৰ্গা দাস বড়ো,আই টি চেলৰ অধ্যক্ষ অপূৰ্ব ভট্টাচাৰ্যৰ লগতে কেইবাজনো দলীয় নেতাই পৰিয়ালটোক সাক্ষাৎ কৰাৰ লগতে নগদ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে।

গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা অসমীয়া যুৱকসকলক চৰকাৰে বৰ্বৰভাৱে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। চৰকাৰক এনোবোৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ দাবী জনোৱাৰ লগতে জনমতস জনশক্তিক কোনোৱে বন্দুক বাৰুদৰ শক্তিয়ে দমন কৰিব নোৱাৰে বুলিও কয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে “কা” বিৰোধী আন্দোলনত চহিদ হোৱা লোকসকলৰ পৰিয়াল সমূহক চৰকাৰৰ তৰফৰ পৰা কমেও ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আৰু পৰিয়ালৰ একোজনকৈ সদস্যক চৰকাৰী চাকৰি দিবলৈও দাবী জনায়।

বিজেপি চৰকাৰখনে এই দাবী পূৰণ নকৰিলে ২০২১ চনত কংগ্ৰেছ চৰকাৰ আহিলে চহিদ পৰিয়ালক এই সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে সভাপতি জনে।

ইফালে আৰক্ষীৰ গুলীত নিহত ঈশ্বৰ নায়কৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত সকলো ধৰণৰ সহযোগিতা কৰিবলৈ ওদালগুৰি জিলা কংগ্ৰেছক ৰিপুন বৰাই নিৰ্দেশ দিয়ে।

কংগ্ৰেছ নেতা দূৰ্গা দাস বড়ো আৰু অপূৰ্ব ভট্টাচাৰ্যই ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ দলটোৰ সৈতে ওদালগুৰি জিলা কংগ্ৰেছৰ কেইবাজনো নেতাই সংগ দিয়ে।