NORTHEAST NOW (Assamese)

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত আৰু দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী ৰিপুণ বৰাৰ

November 13, 2020 6:46 am · এন ই নাও নিউজ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফাইল ফটো

প্ৰতিদিন টাইমৰ কাকপথাৰৰ নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই।

এক প্ৰেছ বিবৃতিৰ জড়িয়তে সভাপতি বৰাই কয় যে আপোচহীনভাৱে বহু প্ৰভাৱশালী ব্যক্তিৰ দুৰ্নীতি উদঙাই দিয়া সাংবাদিক পৰাগ ভূঞাক ঘৰৰ সন্মুখতে গাড়ীৰে মহতিয়াই নি মৃত্যুৰ মুখলৈ থেলি দিয়া আৰু ঘটনা সংঘটিত কৰিয়েই গাড়ীখন পলায়ন কৰা ঘটনা নিঃসন্দেহে ৰহস্যজনক।

সহজেই অনুমেয় যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডই গৃহ বিভাগৰ চৰম ব্যৰ্থতাকেই উদঙাই দিছে।

আৰক্ষী থানাৰ ভিতৰতে আৰক্ষীক চৰ সোধোৱা এগৰাকী বিজেপি নেত্ৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে এইদৰে পৰাগ ভূঞাই ৰহস্যজনকভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

বিজেপিৰ শাসনকালত ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ যে দ্ৰুত অৱনতি ঘটিছে,জনসাধাৰণৰ যে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে, শেহতীয়াভাৱে সংঘটিত হোৱা পৰাগ ভূঞা হত্যাকাণ্ডই সেই কথা উদঙাই দিছে,পুনৰবাৰ প্ৰমাণিত কৰিছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে ঘটনাত জড়িতসকলক অনতিপলমে কৰায়ত্ত কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈয়ো দাবী জনাইছে।

Related News