ডুবাইত সদ্য সমাপ্ত আইপিএলত বিজয় সাৱ্যস্ত কৰি মুম্বাই ইণ্ডিয়ানছে স্বাভাৱিকতে উৎফুল্লিত হৈছে। ডুবাইত দলটোৱে এদিন কটোৱাৰ পাছতে কেইগৰাকীমান সদস্য অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ সৈতে গৈ ছিডনিত উপস্থিত হৈছে।
ইয়াৰ বিপৰীতে বাকী সদস্যসকল দেশলৈ বুলি বিমানত ৰাওনা হয়। সেইদৰে, মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা হাৰ্দিক পাণ্ডিয়া অষ্ট্ৰেলিয়ালৈ যোৱাৰ বিপৰীতে জ্যেষ্ঠ ভাতৃ ক্ৰুনাল পাণ্ডিয়া ভাৰতলৈ উভতিছে।
কিন্তু দেশত আহি উপস্থিত হোৱাৰ পাছতেই বিপদত পৰিছে ক্ৰুনাল।
বাতৰি অনুসৰি, হিচাপ বহিৰ্ভূত সোণ আৰু আন সামগ্ৰী লগত অনাৰ সন্দেহত বৃহস্পতিবাৰে সন্ধিয়া মুম্বাই বিমানবন্দৰত ডাইৰেক্টৰেট অফ ৰেভিনিউ ইন্টিলিজেন্স ইণ্ডিয়া (ডিআৰআই)ই ক্ৰুনালক আটক কৰে।
বাতৰি অনুসৰি, সংযুক্ত আৰৱ এমেৰিটাছৰ পৰা ওভতাৰ পথত খেলুৱৈগৰাকীয়ে এইদৰে হিচাপ বহিৰ্ভূত সোণ তথা আন সা-সামগ্ৰী অনাৰ সন্দেহত আটক কৰা হয়। অৱশ্যে, এই বিষয়ে বিতং তথ্য প্ৰকাশ কৰা নাই সংস্থাটোৱে।
সদ্য সমাপ্ত আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা ক্ৰুনালে বিশেষ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাছিল। তেওঁ ১৬খন মেচ খেলি মুঠ ১০৯ৰাণহে কৰিবলৈ সক্ষম হৈছিল। সেইদৰে, বলিঙতো লাভ কৰিছিল মাত্ৰ ৬টা উইকেট।
আইপিএলৰ আটাইকেইখন মেচতে খেলিবলৈ সুযোগ পোৱা ক্ৰুনালে অৱশ্যে টীম ইণ্ডিয়াত স্থান নাপালে যদিও আইপিএলত নিজ দলৰ বিজয়ক লৈ কিছু আনন্দিত হোৱাৰ সুযোগ পাইছিল। পিচে, ঘৰলৈ ওভতাৰ পথতে এইদৰে অথন্তৰ ঘটিল ক্ৰুনালৰ।