ভোট গণনাৰ সময়ত সকলো কামৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

নিৰ্বাচনী আয়োগলৈ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ বিভিন্ন দাবী

index

মংগলবাৰে বিভিন্ন দাবী লৈ কংগ্ৰেছ মহাজোঁটৰ এটা দল সচিবালয়ৰ নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত উপস্থিত হয়।

অসম নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি প্ৰতিনিধিৰ দলটোৱে একাধিক দাবী জনোৱা কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

দলটোক নেতৃত্ব দিয়া প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই সংবাদিকৰ আগত কয় যে মহাজোঁটৰ প্ৰতিনিধি দলটোৱে প্ৰত্যেকখন ভোট গণনা টেবুলত থকা চৰকাৰী বিষয়াৰ নামৰ তালিকা তেওঁলোকক দিবলৈ দাবী জনাইছে।

ষ্ট্ৰংৰূমৰ পৰা পৰা ইভিএম উলিয়াই অনা সময়ৰ লগতে ভোট গণনাৰো সম্পূৰ্ণ ভিডিঅ’ ৰেকৰ্ডিং লাগিব বুলি প্ৰতিনিধি দলটোৱে মুখ্য নিৰ্বাচনী বিষয়াক দাবী জনোৱা বুলি প্ৰকাশ কৰিছে।

ষ্ট্ৰংৰূমৰ খোলা সময়ত প্ৰত্যেকজন প্ৰাৰ্থীৰ এজেন্ট তাত থাকিব লাগিব আৰু গণনা শেষ নোহোৱা পৰ্যন্ত প্ৰাৰ্থীৰ এজেন্ট তাত থাকিবলৈ অনুমতি দিয়াৰো দাবী জনোৱা হৈছে।

ইফালে প’ষ্টেল বেলতৰ গণনা ইভিএম গণনাতকৈ আগতে কৰাৰ লগতে প’ষ্টেল বেলতৰ কোন দিনা প’ষ্টিং কৰি কোন দিনা ৰিচিভ কৰা হৈছে তাৰ সকলো তথ্য দিবলৈও দাবী জনাইছে  মহাজোঁটৰ প্ৰতিনিধি দলটোৱে।

দলটোৱে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সকলো ইভিএমৰ ভোট গণনা শেষ কৰাৰ পিছতহে পৰৱৰ্তী পৰ্যায়ৰ ভোটগ্ৰহণৰ ইভিএমসমূহৰ ভোটগণনাৰ বাবে খুলিবলৈ দাবী জনোৱা বুলিও সংবাদিকক জানিবলৈ দিয়ে ৰিপুণ বৰাই।