NORTHEAST NOW (Assamese)

“ভানু যদি ৬০ বছৰত বুঢ়া গৰু তেন্তে ৭৫ বছৰীয়া মোডী কি?” : পল্লৱ লোচনক প্ৰশ্ন ৰিপুন বৰাৰ

April 8, 2019 8:06 am · কাজি জেইদুল ইছলাম
বিশ্বনাথত দেওবাৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাৰ নিৰ্বাচনী সভা। ফটো : নৰ্থইষ্ট নাও

লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যত চলিছে যেন অঘোষিত নৃত্য প্রতিযোগিতাৰ অনুষ্ঠান। কংগ্ৰেছ দলৰ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম জি কে ভানুৰ হৈ প্ৰচাৰ চলাবলৈ আহি  দেওবাৰে বিশ্বনাথৰ ধুলি চাহ বাগিচাত জনজাতীয় গাভৰুৰ সৈতে সংগীতৰ তালে তালে এপাক হাত ঘুৰাই নাচিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

দেওবাৰে আবেলি পৰত বিশ্বনাথ জিলা কংগ্ৰেছে অনুষ্ঠিত কৰা এম জি কে ভানুৰ এখন প্ৰচাৰ সভাত সভাপতি ৰিপুন বৰাই অংশ গ্ৰহণ কৰি বিজেপি দলৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে দুখীয়াৰ বাবে দিয়া ১৩৩ খন আঁচনি বন্ধ কৰি বিজেপিয়ে এতিয়া ধনীৰ বাবে আঁচনি বনালে।

তেওঁ কয় যে ৩৫১ টকা চাহ শ্ৰমিকৰ মজুৰী বিজেপি চৰকাৰ আৰু পল্লৱ লোচনে বন্ধ কৰি ৰাখিছে। মোডীয়ে চকীদাৰ হওঁ বুলি কৈ দেশক অপমান কৰিছে। কাৰণ দেশৰ মানুহৰ ওপৰত মোডীৰ বিশ্বাস নাই। ভাৰতত ইমানবোৰ সেনা থাকোতে কেনেকৈ পুলৱামা কাণ্ড হ’বলৈ পালে, কেনেকৈ ৪২ জন জোৱান শ্বহীদ হ’ল ।

ৰিপুন বৰাই লগতে কয় যে মোডীয়ে কি চকীদাৰী কৰিছে। মোডী যদি চকীদাৰ তেন্তে পুলিচৰ কি কাম। মোডীয়ে মাছৰ তেলৰে মাছ ভাজিছে। ৰাহুল গান্ধীয়ে দুখীয়াক বছৰি ৭২ হাজাৰ টকা দিম বুলি কোৱাৰ লগে লগে বিজেপিয়ে ভয় খাইছে।

আনহাতে, উক্ত সভাতে বৰাই পল্লৱ লোচনক প্ৰশ্ন কৰি কয় ‘ভানু যদি ৬০ বছৰত  বুঢ়া গৰু তেন্তে ৭৫ বছৰীয়া মোডী কি গৰু?’

এই সভাতে ৰিপুন বৰাই বিজেপি তথা প্ৰধান মন্ত্ৰীক তীব্ৰ সমালোচনা কৰাৰ অন্তত জনজাতীয় গাভৰুৰ সৈতে সংগীতৰ তালে তালে এপাক হাত ঘুৰাই নাচিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইপিনে, এইখন প্ৰচাৰ সভাতে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে বিজেপিক ৰোধ কৰাৰ বাবে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি  বিভিন্ন জাতীয় সংগঠনৰ একাংশ নেতাই বিশ্বনাথৰ কংগ্ৰেছ নেতা অঞ্জন বৰাৰ নেতৃত্বত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Related News