• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱ কুমাৰ শৰণীয়াই পাঁচটা বছৰে ৰাইজক আভুঁৱা ভাৰিছে : ইমানুৱেল মোছাহাৰী

বড়ো জনগোষ্ঠীৰ মাজত আবেগ সৃষ্টি কৰাৰ বাবে বড়োলেণ্ড বিচাৰি আন্দোলন চলাই গৈছে প্ৰমোদ বড়োৱে : দেবেন বড়ো

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 8, 2019 7:04 am
IMG_20190407_163927

তামুলপুৰত বিপিএফৰ নিৰ্বাচনী সভা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত পাঁচ বছৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিৰ ৰাইজক আভুঁৱা ভাৰি আহিছে। বিগত পাঁচটা বছৰে সাংসদ গৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ বাবে একো কাম নকৰিলে। এই ভাষ্য ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিপিএফ দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মোছাহাৰীৰ।

আগন্তুক সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ৱ লগা ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ  প্ৰচাৰ কাৰ্য্য চলোৱাৰ উদ্দেশ্যে দেওবাৰে তামুলপুৰত এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰিবলৈ অনুষ্ঠিত সভাত বিধায়ক মোছাহাৰীয়ে এই মন্তব্য কৰে।

Apply Now

ভাষণ প্ৰসংগত তেওঁ কয় যে কোকৰাঝাৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ বিজয় সুনিশ্চিত। তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী গৰাকীৰ পক্ষত এক লাখতকৈ অধিক ভোট লাভ কৰিব বুলিও তেওঁ দাবী কৰে। বিগত সময়ত বিটিএডি অঞ্চলৰ উপৰি অসম তথা ভাৰতবৰ্ষৰ উন্নয়নৰ ওপৰত মন্তব্য ৰাখি বিধায়ক গৰাকীয়ে কয় যে দ্বিতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধান মন্ত্ৰী হ’ব।

তামুলপুৰ জিলা বিপিএফৰ অন্তৰ্গত গয়বাৰী ব্লক বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰসন্ন মেধিৰ সভাপতিত্বত দেওবাৰে আবেলি অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত তামুলপুৰ মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভাই সাংসদ নৱ কুমাৰ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এতিয়া আৰু জাতি-জনগোষ্ঠীৰ নামত ৰাজনীতি কৰাৰ সময় নাই। বিগত নিৰ্বাচনত আবেগৰ ঢৌ সৃষ্টি কৰি নৱ কুমাৰ শৰণীয়াই জয় লাভ কৰিছিল যদিও সেই দিন এতিয়া আৰু নাই আৰু ৰাইজে সেই কথা বুজি উঠিছে।

তেওঁ লগতে কয় যে উন্নয়নৰ স্বাৰ্থত মোদীক পুনৰ বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাবলৈ প্ৰমিলাৰাণী ব্ৰহ্মক সাংসদ হিচাপে নিৰ্বাচিত কৰাটো প্ৰয়োজন। সেয়ে মিত্ৰজোঁটে  আগন্তুক নিৰ্বাচনৰ বাবে গাঁৱে ভূঞে গৈ প্ৰমিলাৰাণী ব্ৰহ্মক সাংসদ হিচাবে নিৰ্বাচিত কৰাৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিব লাগিব আৰু তেওঁৰ জয় সুনিশ্চিত কৰিব লাগিব।

সভাত উপস্থিত থাকি অগপ নেতা ৰঞ্জিত দাসেও নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰে আৰু অগপ কৰ্মী সকলক প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনায়। সভাত তামুলপুৰ সমষ্টি নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি তথা দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে ভাষণ ৰাখি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ জয় সুনিশ্চিত বুলি দাবী কৰে। এইবাৰৰ নিৰ্বাচনত ছয় লক্ষাধিক ভোট লাভ কৰি সাংসদ হিচাবে প্ৰমিলাৰাণী ব্ৰহ্ম দিল্লীলৈ যাত্ৰা কৰিব বুলিও বিজিত গৌৰা নাৰ্জাৰীয়ে মন্তব্য কৰে।

আনহাতে, বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়োয়ে কয় যে এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে বৰ্তমান সময়ত বড়োলেণ্ড গঠন নহয় বুলি জানিও একমাত্ৰ বড়ো জনগোষ্ঠীৰ মাজত আবেগ সৃষ্টি কৰাৰ বাবে বড়োলেণ্ড বিচাৰি আন্দোলন চলাই গৈছে আৰু বড়ো ভোটাৰ ৰাইজক বিপথে পৰিচালিত কৰিছে। গতিকে তেঁও মিছা প্ৰলোভনত ভোল নগৈ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমিলাৰণী ব্ৰহ্মক ভোট দিয়াৰ বাবে  বড়োই ৰাইজক আহ্বান জনায়।

গয়বাৰী ব্লক বিপিএফৰ সাধাৰণ সম্পাদক অভিজিত দাস দেউৰীয়ে আঁত ধৰা সভাখনত তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়েও ভাষণ ৰাখে। দেওবাৰৰ  এই সভাত বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়োক সভাপতি, নগেন নাথক কাৰ্যকৰী সভাপতি আৰু জাৰমল ব্ৰহ্মক সাধাৰণ সম্পাদক হিচাপে লৈ গয়বাৰী ব্লক নিৰ্বাচন পৰিচালনা সমিতিখন গঠন কৰা হয়।

Tags: নিৰ্বাচন ২০১৯
দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd