বহিঃৰাজ্যত আৱদ্ধ ছাত্ৰ-ছাত্ৰীক নিজ ৰাজ্যলৈ ঘুৰাই অনাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান ৰিপুন বৰাৰ

ৰিপুন বৰা

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছতে জনসাধাৰণে বিভিন্ন সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে।

ল’কডাউনৰ ফলত সৃষ্টিহোৱা সমস্যাৰাজি সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিশেষ আহ্বান জনাইছে।

ৰিপুন বৰাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ২০২০ চনৰ ডিচেম্বৰ মাহলৈ অসমৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাহনসমূহৰ মাচুলৰ লগতে বিদ্যালয়ৰ মাচুলসমূহো ৰেহাই কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনায়।

আনহাতে, ল’কডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য চৰকাৰে উত্তৰ প্ৰদেশ চৰকাৰৰ দৰে নিজ ৰাজ্যলৈ ঘুৰাই অনাৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কয়।

উল্লেখযোগ্য যে, অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, কৰ্ণাটককে ধৰি বহুকেইখন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে টেলিফোনিক বাৰ্তালাপত অংশ লৈ সেই ৰাজ্য সমূহত আৱদ্ধ হৈ থকা অসমৰ লোক সকলৰ যাতে কোনোধৰণৰ অসুবিধাৰ নহয় সেই সম্বন্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰিছিল।

মুখ্য মন্ত্ৰী সোণোৱালে অসমত আৱদ্ধ হৈ থকা বহিঃৰাজ্যৰ লোক সকলৰো অসুবিধা নোহোৱাকৈ পদক্ষেপ গ্ৰহণ কৰা বুলি অন্য ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলক আশ্বাস দিছিল।